পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা- কাজিৰঙাত প্ৰত্যাহাৰ হ'ব কোভিডৰ সকলো বাধা-নিষেধ- মানাহ, ওৰাং, পবিতৰাৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত চৰকাৰৰ- আন প্ৰান্তত আৰু কিছুদিনলৈ থাকিব কোভিডৰ বাধা-নিষেধ।

২. পবিতৰা অভয়াৰণ্য ৰ তহলদাৰী দল এটাই যোৱা নিশা পবিতৰাৰ নিকটৱৰ্তী বৰদিয়া এলেকাত বাৰিষাৰ পানীত বেং ধৰি থকা অৱস্থাত দুজন লোক ক আটক কৰে।ধৃত লোক দুজনৰ নাম যাত্ৰা মোহন মণ্ডল আৰু শ্ৰী নিবাস মণ্ডল ।মায়ং থানা ৰ অন্তৰ্গত বুৰগাঁও পঞ্চায়ত ৰ কাউৰহাগী গাঁৱত ঘৰ দুয়ো জনৰে।

৩. অসহিষ্ণুতা আৰু অসহণশীলতাৰ কৰাল গ্ৰাসত এইবাৰ নিমৰ্জিত হৈছে  গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অন্যতম ধ্বজাবাহক সংবাদসেৱী।  বৃত্তিগত সামাজিক দায়বদ্ধতাক পদপিষ্ট কৰি এইবাৰ  নিজকে সাংবাদিক বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে  জাতীয় ছাত্ৰ সংগঠনৰ এগৰাকী নেতাক ভয়, ভাবুকি দিয়াই নহয়  দাৰে কাটি হত্যা কৰাৰো  চৰম  ভাবুকি প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে। 

৪. বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অবিজেপি নেতা।অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অংশ ললে এই কাৰ্যনিৰ্বাহকত।উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহক বৈঠক।জাতীয় সাজপাৰ পিন্ধি বিজেপিৰ নেতা মন্ত্ৰীয়ে।এই বৈঠকতে অগপৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তৰ উপস্থিতিক লৈ চৰ্চা।

৫. হোজাই ডবকাৰ জাব্রাখোৱাত আৰক্ষীৰ গুলীচালনা। ইৰাণী গ্রুপৰ সদস্যলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। ৫৬ হাজাৰ টকা লুটি আৰক্ষীৰ জালত পৰিছিল আকাশ যাদৱ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলীচালনা

৬. কোকৰাঝাৰৰ উল্টাপানী দুগৰাকীকৈ ইউএলবিৰ সদস্য নিহতক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে তিনিটা ইউএলবি সদস্যক আৰক্ষীয়ে  আটক কৰিবলৈ সক্ষম হৈছে। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে এক বিশেষ অভিযানৰ যোগে প্ৰথমে টিপকাই বগৰীবাৰীৰ দৈদুন ব্ৰহ্মক আটক কৰে। দৈদুন ব্ৰহ্মক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা এটা কেমোফ্লেজ পোছাক উদ্ধাৰ কৰা হয়।

৭. বিটিচি চৰকাৰে কেইবাগৰাকী শিক্ষা বিষয়াক বুধবাৰে ৰদবদল কৰিছে। সেইমৰ্মে বিটিচি পৰিষদীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে(নং BTC/EDU(HS)33/2019/27) কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰী জিলালৈ বদলি কৰিছে।

৮. ২০১৪ চনৰ পৰা নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰীৰ ভূমিকা পালন কৰি অহা নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিয়ে আজি তেওঁৰ পদৰ পদত্যাগ কৰিছে । যোৱা ৯ ছেপ্টেম্বৰত আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাবে নাগালেণ্ডৰ পৰা বদলি কৰা হৈছিল ।

৯. কামৰূপ জিলাৰ জামবাৰী আৰক্ষী চকীৰ অন্তৰ্গত আন্ধেটাৰীত ১৭ ছেপ্টেম্বৰত ভাড়াতীয়া ঘৰৰ পৰা বিবাহিতা মহিলা এগৰাকী নিৰুদ্দেশ হৈছে৷ জানিব পৰামতে জামবাৰীৰ আন্ধেটাৰী গাঁৱৰ আহম্মেদ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গৰৈমাৰীৰ কাণহাৰা গাঁৱৰ ফজিলা খাতুন(৩০)নামৰ মহিলাগৰাকী যোৱা ১৭ ছেপ্টেম্বৰৰ নিশা ভাড়াঘৰৰ পৰা নিৰুদ্দেশ হয়৷

১০.

 উপনিৰ্বাচন সমাগত। কংগ্ৰেছ বিজেপিয়ে মৰিয়নি সমষ্টিত নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ আৰম্ভ কৰাৰ পাছত  ৰাইজৰ দলেও নিজৰ তৎপৰতা আৰম্ভ কৰিছে।বুধবাৰে মৰিয়নীত ৰাইজৰ দলৰ কেইবাখনো দলীয় সভা অনুষ্ঠিত হয়। এই দলীয় সভাকেইখনত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in