/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/puwar-khobor-3.jpg)
২৪ মাৰ্চত বিহপুৰীয়ালৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিক মুগাৰ গামোছাৰে আদৰিব কংগ্ৰেছ প্ৰাৰ্থী ভুপেন বৰাই !
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া সমষ্টিত মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰিবলৈ অহা হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিক মুগা গামোছাৰে আদৰণি জনালেহেতেন ভুপেন বৰাই ৷ শুকুৰবাৰে বিহপুৰীয়া নগৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই ৷ বিগত নিৰ্বাচনত প্ৰধানমন্ত্ৰী গৰাকীয়ে ছয় মাহৰ ভিতৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজি পৰ্যন্ত কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে এই মন্তব্য কৰে ভুপেন বৰাই ৷ লগতে প্ৰধান মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া মাধৱদেৱ বিশ্ববিদ্যালয় আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱা আৰু বিহপুৰীয়া মহকুমা ঘোষনাৰ প্ৰতিশ্ৰুতিও অসাৰ হোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷
দৰঙৰ চাৰিওটা সমষ্টিৰ প্ৰাৰ্থীসকলক প্ৰতীক চিহ্ন প্ৰদান
সমাগত বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া দৰং জিলাৰ চাৰিওটা বিধান সভা সমষ্টিৰ সৰ্বমুঠ ৩২ গৰাকী প্ৰাৰ্থীক বুধবাৰে প্ৰতীক চিহ্ন সমূহ প্ৰদান কৰা হয় ।প্ৰতিটো সমষ্টিৰ ৰিটাৰ্নিং বিষয়া, সহকাৰী ৰিটাৰ্নিং বিষয়া , নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী , দলীয় এজেন্ট , সংশ্লিষ্ট সমষ্টিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিৰ উপস্থিতিত প্ৰতিটো সমষ্টিৰ বাবে পৃথকে পৃথকে হোৱা সভাত প্ৰতীক চিহ্ন আৱন্টন কৰা হয় । ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দলৰ প্ৰাৰ্থীয়ে স্থায়ী দলীয় প্ৰতীক চিহ্ন লাভ কৰাৰ বিপৰীতে পঞ্জীয়নভুক্ত দলসমূহৰ প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰতীক চিহ্ন লাভ কৰে ।আনহাতে নিৰ্দলীয় প্ৰাৰ্থী সকলে পছন্দ অনুযায়ী প্ৰতীক চিহ্ন লাভ কৰে ।
নাঁওবৈছাত ৰাষ্ট্ৰীয় উলোমা কাউঞ্চিলৰ প্ৰাৰ্থী উবাইদুৰ ৰহমানৰ ব্যাপক প্ৰচাৰ
লখিমপুৰ জিলাৰ নাঁওবৈছা সমষ্টিৰ ৰাষ্ট্ৰীয় উলোমা কাউঞ্চিলৰ প্ৰাৰ্থী উবাইদুৰ ৰহমানে সমষ্টিটোত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে।নাঁওবৈছাৰ অন্য দল সমুহৰ হেভিৱেট প্ৰাৰ্থী সকলৰ প্ৰচাৰ বিপৰীতে উবাইদুৰ ৰহমানে প্ৰায় সংখ্যক গাঁওতেই প্ৰচাৰ অব্যাহত ৰাখিছে।সমষ্টিটোৰ বান খহনীয়া যাতায়ত যোগাযোগ ইত্যাদিক নিৰ্বাচনী ইচ্ছু হিচাপে লৈ ভোটাৰৰ মন জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে উবাইদুৰ ৰহমানে।
নলবাৰীত প্ৰদ্যুৎ ভূঞাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
দ্বিতীয় পৰ্যায়ত অহা ১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নলবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছ, বিজেপি আৰু অজাপই নিবাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে। কংগ্ৰেছৰ প্ৰদ্যুৎ কুমাৰ ভূঞাই আজি সমষ্টিটোৰ বিভিন্ন ঠাইত ১৮ খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। তেওঁ কঞাকুছি,মাজৰবাৰী,পৈচাৰা,পোনৰ কাউনীয়া, শঠামৌ,আকন, ৰামপুৰ, বৰাজোলষ(নোনাৰপাৰ), খাতিকুছি আদিত এই সভাসমূহ অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাই পৰে। সভাসমূহত দিয়া ভাষণত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰীৰ ৰাইজে এইবাৰ নতুন মুখ বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ জয়ী হ'লে সমষ্টিটোত অন্যান্য সমস্যা সমাধান কৰাৰ লগতে উদ্যোগীকৰণেৰে নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব বুলি কয়। তেওঁ মহিলা সৱলীকৰণতো যথাযথ গুৰুত্ব দিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে কোনো ধৰণৰ উন্নয়নে ঢুকি নোপোৱা, আনকি চাৰিচকীয়া গাড়ী এখনো নিব নোৱৰা নলবাৰী সমষ্টিৰ বৰাজোল নোনাপাৰলৈ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই মটৰ চাইকেলেৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। অন্যান্য উন্নয়ন বাদেই অঞ্চলটোত পথত গাঁত নে গাঁতত পথ সেয়া ধৰিবই নোৱাৰি।
নাৰায়ণপুৰত ভূপেন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈ …
ৰাজ্যত অনুস্থিত হ'ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি বিহপুৰীয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে । সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত বহুপথাৰ ৰঙ্গ মঞ্চত বিশাল নিৰ্বাচনী সভা আৰু কংগ্ৰেছ মহাজোটৰ বিহপুৰীয়া সমষ্টি নিৰ্বাচনী সমিতিৰ উদ্যোগত নাৰায়ণপুৰ ব্লক তিনি আলিত অনুস্থিত এখন যোগদান সভাত অংশগ্ৰহণ কৰে সাংসদ গৰাকীয়ে । ভাষণ প্ৰসংগত বিজেপি দল আৰু চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে ।
ডিমাপুৰত ইনাৰ লাইন পাৰমিট, ৰিনৰ বলৱৎ নকৰাক লৈ জে পি চি আইৰ বিশাল প্ৰতিবাদী সমদল
নাগালেণ্ডৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বৰ সাংবিধানিক ৰক্ষা কবচ স্বৰূপ ইনাৰ লাইন পাৰমিট অৰ্থাৎ আন্তৰাজ্যিক পাৰপত্ৰ বলৱৎ কৰা আৰু খিলঞ্জীয়া পঞ্জীয়নৰ কাম আৰম্ভ কৰাৰ দাবী জইণ্ট কমিটি ফৰ প্ৰিভেনচন অৱ ইলিগেল মাইগ্ৰেছন জেপিচি আইয়ে ডিমাপুৰত বিশাল শান্তি সদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে নাগালেণ্ড চৰকাৰে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ডিমাপুৰত জিলাত ইনাৰ লাইন পাৰমিট বলৱৎ কৰা কথা ঘোষণা কৰিছিল যদিও বৰ্তমানেও কাৰ্যকৰী নকৰাত আজি নাগালেণ্ডৰ নাগৰিক সমাজ আৰু বিভিন্ন সংগঠনৰ তিনি সহস্ৰাধিক লোকে ডিমাপুৰৰ উপায়ুক্ত ক'ৰ্টৰ সন্মুখত এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ কৰে । জে পি চি আইৰ সমন্বয়ক অটভি শ্বুৱে কয় এয়া কোনো চৰকাৰৰ বিৰুদ্ধে আন্দোলন নহয় ।
ৰাজনৈতিক ষড়যন্ত্ৰ ! সময়মতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰবেশ কৰাৰ পিছতো গ্ৰহণ নকৰিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপজ্যোতি দাসৰ মনোনয়ন পত্ৰ
: কামৰূপ জিলাৰ বকোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপজ্যোতি দাসক আজি গুৱাহাটীৰ আমিনগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নিদিয়া বিষয়টো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি প্ৰাৰ্থীগৰাকীয়ে অভিযোগ কৰিছে । ৪৮নং বকো বিধান সভা সমষ্টিৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাৰ্থী দীপজ্যোতি দাসে বিয়লি তিনি বজাৰ আগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত প্ৰবেশ কৰা বুলি দাবী কৰিছে । নিৰ্বাচনী বিষয়াৰ কোঠাত প্ৰৱেশ কৰাৰ লগে লগে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন গ্ৰহণ নকৰে বুলি কথাষাৰাত প্ৰাৰ্থীগৰাকীয়ে ষড়যন্ত্ৰৰ গোন্ধ পাইছে বুলি কয় ।
সতীৰ্থৰ হেঁচাত অৱশেষত নিদৰ্লীয়ৰূপে নিৰ্বাচনী যুঁজত নামিব কংগ্ৰেছ নেতা খগেন কলিতা…
তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা নিৰ্দলীয় প্রাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ নেতা খগেন কলিতাই। দলীয় টিকটৰ পৰা বঞ্চিত হোৱা নেতাগৰাকীয়ে হাজো সমষ্টিৰ পৰা নিদৰ্লীয় প্ৰাৰ্থীৰূপে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে।
শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত ভাৰত-পাকিস্তানৰ পুনৰ বৈঠক…
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ তদানীন্তন সেনা প্ৰধান জেনেৰেল কামৰ জাভেদ বাজৱাই ভাৰতৰ সৈতে শান্তি আলোচনা ৰখাৰ পিছত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীসকলে ৩০ মাৰ্চত এক আলোচনাত মিলিত হ'ব। তাজিকিস্তানৰ ৰাজধানী দুশানবেত 'হাৰ্ট অৱ এছিয়া'ৰ বৈদেশিক মন্ত্ৰীসকলে এই আলোচনাত ভাগ ল'ব। প্ৰায় ১৫ খন দেশৰ বৈদেশিক মন্ত্ৰীসকলে ৩০ মাৰ্চৰ এই বৈঠকত অংশগ্ৰহণ কৰিব।
হৃষিকেশ গোস্বামীক লৈ অসন্তুষ্টি প্ৰদেশ কংগ্ৰেছ, নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ…
মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। চৰকাৰী পদবীত থাকি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগ উত্থাপন কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে।