ডিজিটেল সংবাদ, মৰিয়নী : মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত মৰিয়নী অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটো থিতাতে নিহত হয় এগৰাকী চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ লোকৰ ৷ AS 33 2670 নম্বৰৰ কলা পালছাৰ NS 200 বাইকখনত তিনি গৰাকী লোক আমগুৰি দিশৰ পৰা মৰিয়নী অভিমূখে আহি থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পদপথৰ কাষত গছত খুন্দা মাৰি নলা ভিতৰত সোমাই পৰে ৷ ঘটনাস্থলীতে এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক অতি সংকটজনক অৱস্থাত মৰিয়নী আৰক্ষীয়ে ততাতৈয়াকৈ ১০৮ এম্বুলেন্সৰ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বাতৰি সংগ্ৰহ কৰা সময় লৈ তিনি গৰাকী যুৱকৰে পৰিচয় উদ্ধাৰ হোৱা নাই
নিশা মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এগৰাকী নগা লোক…
নিশা মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এগৰাকী নগা লোক…
New Update