মৰিগাঁৱত উদযাপন কৰা হ'ব সৰলতাৰ দিন

অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামৰ জন্মদিনটো 'সৰলতাৰ দিন' হিচাপে পালন কৰি আহি পঞ্চদশ বৰ্ষত ভৰি দিলে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-22 at 3.16.48 PM

ডিজিটেল ডেস্কঃ অসমৰ এখনি আগশাৰীৰ গৱেষণা মঞ্চ 'দগো ৰাংছাং গৱেষণা সমিতি'য়ে অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামৰ জন্মদিনটো 'সৰলতাৰ দিন' হিচাপে পালন কৰি আহি পঞ্চদশ বৰ্ষত ভৰি দিলে। এইবেলি উক্ত অনুষ্ঠানটি ২ জানুৱাৰী শুক্ৰবাৰে দিনৰ ১১ বজাত দিনজোৰা কাৰ্যসূচীৰে বৃহত্তৰ জাগীৰোড অঞ্চলৰ শিলচাং বিহুতলি ৰঙ্গমঞ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। 

1c91c6f4-ed3c-4527-92cc-cd7331af776f

অনুষ্ঠানটিৰ সৈতে সঙ্গতি ৰাখি "অসমীয়া গীতি সাহিত্যত লোক-সাহিত্যৰ সমল" শীর্ষক বক্তৃতা অনুষ্ঠান এটিৰ আয়োজন কৰা হৈছে। এই মূল বক্তৃতাটি প্রদান কৰিব 'কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়'ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° অজিত ভৰালীদেৱে।'সৰলতাৰ দিন' উপলক্ষ্যে বিগত বৰ্ষৰ দৰে ২০২৬ বৰ্ষৰ বাবেও সমিতিৰ তৰফৰ পৰা শিশু সাহিত্য বঁটা প্রদানৰ দিহা কৰা হৈছে। উক্ত বঁটা প্রদান কৰা হ'ব 'জোঙাল বলহু গড় মধ্য ইংৰাজী বিদ্যালয়'ৰ অৱসৰী প্রধান শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখক মনোৰমা ভূঞাক। লগতে তিৱা সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক, শিক্ষক, সমাজ সেৱক তথা 'তিৱা মাথন্লাই তখ্ৰা'ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰক বিশেষভাৱে সম্বর্ধনা জনোৱা হ'ব। 

1c91c6f4-ed3c-4527-92cc-cd7331af776f

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 'সাদিন-প্রতিদিন গোষ্ঠী'ৰ জ্যেষ্ঠ সাংবাদিক প্রকাশ মহন্ত। উল্লেখযোগ্য যে অনুষ্ঠানত সমিতিৰ গৱেষণা পত্ৰিকাৰ লগতে কেইবাখনো গ্রন্থও উন্মোচন কৰা হ'ব।

সৰলতাৰ দিন