মৰিগাঁৱৰ ঔজাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৫ গৰাকী

দুৰ্ঘটনাত আহত পাঁচ গৰাকী মৰিগাঁও  বি এড কলেজৰ শিক্ষয়িত্ৰী। আহত শিক্ষয়িত্ৰী কেইগৰাকী ক্ৰমে- নিবেদিতা ডেকা, বৰ্নালী হাজৰিকা,ছুছদিতা দেৱ নন্দি,লোপমুদ্ৰা দাস,বিশাল চেত্ৰী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মায়ংঃ  মৰিগাঁৱৰ  ঔজাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰণ বিল পাৰ্কৰ পৰা এশ মিটাৰ পশ্চিমত জাগীৰোড সংযোগী ব্যস্ত পথৰ ওপৰত সংঘটিত হয় হয় এই দুৰ্ঘটনাটো। ইপিনে বিপৰীত দিশৰ পৰা অহা  দুখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ। টাটা বলেৰ' বাহনখনৰ নম্বৰ AS 02 D 9259 আৰু  আনখন ডিজায়াৰ বাহনৰ নম্বৰ  AS 06 AN 9091 বুলি  জানিব পৰা গৈছে। 

WhatsApp Image 2026-01-05 at 2.33.27 PM

উল্লেখ্য যে, টাটা বলেৰ' বাহনখন ঘগুৱাৰ আৰু ডিজায়াৰ বাহনখন মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিচ হয়। দুৰ্ঘটনাত আহত পাঁচ গৰাকী মৰিগাঁও  বি এড কলেজৰ শিক্ষয়িত্ৰী। আহত শিক্ষয়িত্ৰী কেইগৰাকী ক্ৰমে- নিবেদিতা ডেকা, বৰ্নালী হাজৰিকা,ছুছদিতা দেৱ নন্দি,লোপমুদ্ৰা দাস,বিশাল চেত্ৰী। আনপিনে এই ঘটনাত আহত আটাইকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

WhatsApp Image 2026-01-05 at 2.33.25 PM

মৰিগাওঁ পথ দু্ৰ্ঘটনা