মৰিগাঁৱৰ বঙালধৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জুবিন চ'ক মুকলি

মৰিগাঁও জিলাৰ বঙালধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বঙালধৰা তিনিআলিটো আজি জুবিন চ'ক নামেৰে আনুষ্ঠানিকভাবে নামকৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
cscsdcsd

ডিজিটেল সংবাদ, মায়ংঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হোৱা আজি ৩০ দিন হ'ল। আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী গৰাকী প্ৰতি নাম কীৰ্তন ,ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিন অনুৰাগী সকলে প্ৰতিটো প্ৰান্তত শিল্পী গৰাকীক মানুহৰ হৃদয়ত চিৰদিন জীয়াই ৰখাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত পিছপৰি থকা নাই মৰিগাঁও জিলাৰ বঙালধৰা অঞ্চলৰ ৰাইজো। মৰিগাঁও জিলাৰ বঙালধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বঙালধৰা তিনিআলিটো আজি জুবিন চ'ক নামেৰে আনুষ্ঠানিক ভাবে নামকৰণ কৰা হয়। আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ সোমাজত জুবিন চ'কৰ নাম ফলকখন ফিটা কাটি মুকলি কৰে ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগান্ত মেধিয়ে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে অঞ্চলটোৰ বয়োজেষ্ঠ ব্যক্তি বলিন্দ্ৰনাথ ভূঞাই।

এই অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ৰঞ্জিত ট্ৰফী খেলুৱৈ ডাঃ পাৰ্থসাৰথি হাজৰিকা আৰু সমাজ কৰ্মী অৰূপ কুমাৰ ডেকাই। উল্লেখ্য যে বঙালধৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ডাঃ পাৰ্থসাৰথি হাজৰিকা, প্ৰদীপ দেউৰী, ৰাজীৱ ডেকা, দিগন্ত ডেকা, মানসজ্যোতি ডেকা প্ৰমুখ্যে বৃহত্তৰ অঞ্চলটোৰ কেইজনমান লোকৰ নেতৃত্বত বঙালধৰা, পুৱ বঙালধৰা আৰু মিকিৰগাঁৱৰ ৰাইজৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এই গুৰুত্বপূৰ্ণ স্থান টুকুৰাৰ নাম জুবিন চ'ক ৰখা হয়।

আনহাতে অঞ্চলটোৰ ৰাইজৰ দান বৰঙণিৰে এই স্থানত চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শীঘ্ৰে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তিৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩০ দিন অৰ্থাৎ এমাহ হোৱা উপলক্ষে বৃহত্তৰ বঙালধৰা অঞ্চলৰ ৰাইজে আজি পুৱাৰ ভাগত বঙালধৰাৰ জুবিন চ'কত ৰাজহুৱাকৈ নাম কীৰ্তন আদি এলানি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে। উল্লেখ্য যে, মৰিগাঁও চহৰৰ পৰা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী, আঁহতগুৰি আৰু ধৰমতুলৰ মাজত অৱস্থিত এই বঙালধৰা তিনিআলি তথা জুবিন চ'কটো। 

জুবিন গাৰ্গ