অসমত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ দাবী সাহিত্য সভাৰ

অসমত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, আদালত, শিক্ষানুষ্ঠান আদিত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ দাবীত মৰিগাঁও জিলা সাহিত্য সভাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
new ap web  5.jpg

ডিজিটেল সংবাদ,মায়ংঃ অসম চৰকাৰী ভাষা আইন, ১৯৬০ৰ সঠিক ৰূপায়ণৰ যোগেদি অসমত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, আদালত, শিক্ষানুষ্ঠান আদিত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ দাবীত মৰিগাঁও জিলা সাহিত্য সভাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অসম সাহিত্য সভাৰ আহ্বান মৰ্মে মৰিগাঁৱৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই স্মাৰক পত্ৰত উল্লেখ কৰে যে, ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ 'ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬ বলৱৎ হোৱাৰ দিন ধৰি অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই অহা হৈছে। অসম সাহিত্য সভাৰ এই দাবী আৰু ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফচল হিচাপে ইতিমধ্যে 'অসম চৰকাৰী ভাষা আইন, ১৯৬০' ক বিধিসন্মতভাবে গ্রহণ কৰা হৈছে যদিও এইপর্যন্ত অসমত এই আইনখন সঠিক ভাবে ৰূপায়ণ হোৱা নাই। চৰকাৰী অধিসূচনা নং পি.এল.বি. ৫৬০২১৫/৭৮, দিনাংক: ১৪/০৪/২০২৫ আৰু চৰকাৰী পত্ৰ নং পি.এল.বি. ৫৬০২১৫/১১৭, দিনাংক: ১৫/১০/২০২৫ যোগে উল্লিখিত আইনখনৰ সঠিক ৰূপায়ণৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যদিও এই পর্যন্ত ইয়াৰ কোনো ফলৱতী প্রতিফলন পৰিলক্ষিত হোৱা নাই। সেয়েহে অসমীয়া ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বার্থত অত্যন্ত সংবেদনশীল এই আইনখন সঠিক ৰূপায়ণৰ বাবে বাস্তৱসন্মত আৰু কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰীক পুনৰবাৰ বিনম্রতাৰে দাবী জনোৱা হয়।

মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ হৰমোহন কলিতা আৰু সম্পাদক কুশল কুমাৰ বৰাৰ নেতৃত্বত যোৱা সজাঁতি দলটোত উপ-সভাপতি লক্ষেশ্বৰ বৰদলৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিৰিঞ্চি কুমাৰ শৰ্মা, অজিত শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে মিলেশ্বৰ পাতৰ, বুবুমণি গোস্বামী প্ৰাক্তন সম্পাদক ভূজেন ডেকা, সহকাৰী সম্পাদক মুন ঠাকুৰীয়া, কাৰ্যনিৰ্বাহক সদস্য বীণাৰাম বৰদলৈ, মৰিগাঁও শতদল সাহিত্য সভাৰ সম্পাদক ৰোহিনী হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন প্ৰমুখ্যে কেইবাজনো নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে।

অসম সাহিত্য সভা সাহিত্য সভা