/asomiyapratidin/media/media_files/2025/08/28/breaking-news-2025-08-28-23-37-06.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত পৰি আছে এটা অচিনাক্ত মৃতদেহ । এই পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিব পৰা নাই জাগীৰোড আৰক্ষীয়ে।
৭২ ঘন্টা উকলি যোৱাৰ পিছতো যদি মৃতদেহটো কাৰ চিনাক্ত কৰিব নোৱাৰে তেন্তে চিকিৎসালয়ৰ সমিপতে বিভাগীয় নীতি নিয়ম মতে সৎকাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে জাগীৰোড থানাৰ উপ সহকাৰী পৰিদৰ্শক চামছুল হক লস্কৰে। উল্লেখযোগ্য যে, বিগত ২৩ আগষ্টৰ সন্ধিয়া ৪ মান বজাত এখন ১০৮ত এজন লোকে অচেতন অৱস্থাত থকা এজন অচিনাকি লোকক জাগীৰোডৰ নখলা মহাত্মা গান্ধী মডেল হস্পিতালত ভৰ্তি কৰাইছিল।
প্ৰাথমিক চিকিৎসাৰ অন্তত লোক জনৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা দেখি চিকিৎসালয় কৰ্তৃপক্ষই জাগীৰোড থানাত খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে লোকজনক। অৱশেষত বৃহস্পতিবাৰে নিশা ১১ মান বজাত চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ। বৰ্তমান লৈ মৃত লোকজনৰ সন্দৰ্ভত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।