মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীয়ে স্থাপন কৰিলে অত্যাধুনিক নলা নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিগাঁৱৰ উন্নয়নৰ বাবে কৰা এই বিশেষ চিন্তাক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। তদুপৰি উন্নয়নমূলক কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ মৰিগাঁওবাসীৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ লক্ষ্যৰে মৰিগাঁৱত এক অত্যাধুনিক নলা নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আনুষ্ঠানিকভাৱে এই ৪৫ কোটি টকীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে।

WhatsApp Image 2026-01-06 at 2.00.41 PM

উল্লেখযোগ্য যে- যোৱা বৰ্ষৰ জানুৱাৰী মাহত মৰিগাঁৱত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে এক বিশেষ ঘোষণা কৰিছিল। এই ঘোষণাৰ অধীনতে চহৰখনৰ বৈজ্ঞানিক সন্মত নলা নিৰ্মাণৰ বাবে পুঁজি ধাৰ্য কৰা হৈছিল। এই আধাৰশিলা স্থাপন কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে  কয় যে - মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি এই গুৰুত্বপূৰ্ণ কামটোৰ শুভাৰম্ভ কৰা হ'ল।

WhatsApp Image 2026-01-06 at 2.06.29 PM

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ  উন্নয়নৰ বাবে কৰা এই বিশেষ চিন্তাক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। তদুপৰি উন্নয়নমূলক কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি ঘোষণা কৰে। আজিৰ এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় পৌৰসভাৰ প্ৰতিনিধি আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

WhatsApp Image 2026-01-06 at 2.00.58 PM

মৰিগাওঁ ৰমাকান্ত দেউৰী