মৰিগাঁও আৰক্ষীৰ জালত পাঁচটাকৈ চাইবাৰ অপৰাধী

ধৃত প্ৰৱঞ্চককেইটা মৈৰাবাৰীৰ আজাহৰুল ইছলাম, বাহাৰুল ইছলাম, ধিঙৰ মাহমুদ হাচান, ৰকিবুল ৰহমান আৰু  ৰীয়ানুদ জামান বূুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  মৰিগাঁৱত পুনৰ গা কৰি উঠিছে চাইবাৰ অপৰাধে। পুনৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাঁচটাকৈ চাইবাৰ অপৰাধীক।ধিং, মৈৰাবাৰী আৰু লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ  কৰে এই চাইবাৰ অপৰাধীকেইটা। ধৃত প্ৰৱঞ্চককেইটা মৈৰাবাৰীৰ আজাহৰুল ইছলাম, বাহাৰুল ইছলাম, ধিঙৰ মাহমুদ হাচান, ৰকিবুল ৰহমান আৰু  ৰীয়ানুদ জামান বূুলি জানিব পৰা গৈছে। প্ৰৱঞ্চককেইটাই জালিয়াতিৰে ভুৱা নথিৰে এক্সিচ বেংকৰ পৰা লৈছিল ২৫লাখ টকাৰ লোন। 

WhatsApp Image 2026-01-22 at 11.00.50 AM (1)

অপৰাধী কেইটাৰ পৰা জব্দ কৰিছে  ৭টাকৈ মোবাইল ফোন, ৬খন ATM কাৰ্ডৰ লগতে জব্দ দুখন চেকবুক, ২থন  পাচবুক। ইপিনে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত গ্ৰেপ্তাৰ অপৰাধীকেইটা। বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

WhatsApp Image 2026-01-22 at 11.00.50 AM

মৰিগাওঁ চাইবাৰ অপৰাধী