মৰিঢল মহাবিদ্যালয়ত ধেমাজি, লখিমপুৰ আৰু মাজুলী তিনিখন জিলা মণ্ডলৰ উদ্যোগত এদিনীয়া কৰ্মশালা

মৰিঢল মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষ আৰু অসম কলেজ গ্ৰন্থাগাৰিক সংস্থাৰ ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলা মণ্ডলৰ সহযোগত সোমবাৰে এদিনীয়াকৈ অনুষ্ঠিত হয় কৰ্মশালা।

author-image
Tushar Pratim
New Update
মৰিঢল মহাবিদ্যালয়ত ধেমাজি, লখিমপুৰ আৰু মাজুলী তিনিখন জিলা মণ্ডলৰ উদ্যোগত এদিনীয়া কৰ্মশালা

ডিজিটেল সংবাদ ধেমাজিঃ মৰিঢল মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষ আৰু অসম কলেজ গ্ৰন্থাগাৰিক সংস্থাৰ ধেমাজি, লখিমপুৰ আৰু মাজুলীকে ধৰি তিনিখন জিলা মণ্ডলৰ সহযোগত সোমবাৰে এদিনীয়াকৈ “ ৱান নেচন ৱান চাবস্ক্ৰীপচন আৰু জেনেৰেটিভ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ ” One nation one subscription( ONOS) &  application of generative  AI”  সম্পৰ্কে এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয়৷ এদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই৷ 

Advertisment

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° নিখিল হাজৰিকা আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু অসম মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সংস্থাৰ সাধাৰণ সম্পাদক ড° বিৰেন্দ্ৰ পাল৷ইয়াৰ আগে অনুষ্ঠিত হোৱা সভাখনি আতঁ ধৰে মৰিঢল মহাবিদ্যালয়ৰ ড° কমল গগৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক গুণীন কুমাৰ দত্তই৷ 

সভাত ধেমাজি মহাবিদ্যালয়ৰ জ্যেষ্ঠ গ্ৰন্থাগাৰিক ড° লাৱন্য হাজৰিকাই বক্তব্য ৰাখে৷মৰিঢল মহাবিদ্যালয়ৰ উপাধ্যক্ষ তপন চুতীয়া, আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষৰ সমন্বয়ক ড° জয়ন্ত দত্ত, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক ড° জোনালী বৰুৱা, ধেমাজি, লখিমপুৰ আৰু মাজুলী তিনিখন জিলাৰ মণ্ডলৰ সমন্বয়ক তথা চিলাপথাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুনীলল টাইডকে ধৰি ভালে সংখ্যক উদ্যোগতা আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে উপস্থিত থাকে৷

কৰ্মশালা