/asomiyapratidin/media/media_files/2025/11/26/327-2025-11-26-10-38-24.jpg)
ডিজিটেল সংবাদ, ধেমাজি : সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত মঙ্গলবাৰে ধেমাজি নগৰৰ নৱজ্যোতি ছাত্ৰাবাসত সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ২০২৪-২৫ শিক্ষা বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাএীক জলপানি চেক প্ৰদান কৰা হয়। শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা দহ হাজাৰ টকাকৈ আৰু জ্ঞান বিকাশ যোজনা বঁটা পাঁচ হাজাৰকৈ জলপানি চেক বিতৰণ কৰা হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-im-2025-11-26-10-39-35.jpeg)
বঁটা প্ৰদান অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰী, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি জীৱন সোণোৱাল, সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱাল, ধেমাজি জিলা সমিতি সভাপতি মৃদুপৱন সোনোৱাল, সাধাৰণ সম্পাদক দুলেন সোণোৱাল, সাহিত্য সভা সাধাৰণ সম্পাদক মৃদুল সোণোৱাল, হাটিগড় গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা যোগমায়া সোণোৱাল, ছাত্ৰ ছাএী আৰু অভিভাৱক উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whats-2025-11-26-10-39-55.jpeg)
পৰিষদৰ ধেমাজি আৰু গোগামুখ সমষ্টিত সুকীয়া সুকীয়াকৈ অনুষ্ঠিত হোৱা জলপানি প্ৰদান অনুষ্ঠানত মুঠ তিনিশ ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদানৰ চেক বিতৰণ কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us