/asomiyapratidin/media/media_files/2025/11/21/ap-for-web-gnrc-nalbari-2025-11-21-17-30-22.jpg)
ডিজিটেল সংবাদ, নলবাৰী : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্য্যায়ত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিলে ইয়াক যে সম্পূর্ণৰূপে নিয়ন্ত্রণত ৰাখিব পাৰি সেই বিষয়ে ৰাইজক সজাগ কৰিবলৈয়ে শুকুবাৰে নলবাৰী জিলাৰ প্ৰেছ ক্লাবত জিএনআৰচি হাস্পতালৰ দ্বাৰা এখনি সংবাদ মেলৰ আয়োজন কৰা হয়। মৃগীৰোগৰ সজাগতা সংবাদমেলৰ লগত সংগতি ৰাখি এটি কাৰ-ৰেলীৰো শুভাৰম্ভ কৰা হয়।
জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ আলফবিদ শাহিদ আলিয়ে সাংবাদিকসকলক সম্বোধি জনায় যে, বিশ্বত ৫ কোটিতকৈ অধিক ব্যক্তি মৃগীৰোগত আক্রান্ত। আনহাতে ভাৰতত ১ কোটিতকৈ অধিক লোক মৃগীৰোগত আক্রান্ত।
সমীক্ষা মতে, উত্তৰ পূৰ্বাঞ্চলত ৭ লাখ আৰু অকল অসমতে ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত হৈছে। জিএনআৰচি হাস্পতালত আজিলৈকে ৩১ হাজৰৰো অধিক মৃগীৰোগীক চিকিৎসা কৰা হৈছে। ইয়াৰে ভিতৰত কেৱল নলবাৰী জিলাৰেই ৭০০০ জন ব্যক্তিয়ে জিএনআৰচি হাস্পতালত চিকিৎসা গ্রহণ কৰিছে। যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্রান্ত হ'ব পাৰে।
প্ৰতিটো বয়সৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ। আমাৰ প্রায় অধিকাংশ লোকেই মৃগীৰোগ বুলিলে কেৱল ফিট হোৱাটোকে বুজে আৰু মৃগীৰোগীয়ে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে বুলিয়ে সচৰাচৰ ভাবে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-2025-11-21-17-27-50.jpeg)
মৃগীৰোগৰ ৪০ টাতকৈও অধিক লক্ষণ আছে। এই লক্ষণসমূহৰ ভিতৰত ৰোগী হঠাতে সংজ্ঞাহীন হৈ পৰে, চকু থৰ হৈ কেই চেকেণ্ডমানৰ বাবে সংজ্ঞাহীন হৈ পৰে, মুখেৰে গেঙনি বাহিৰ হয়, লেলাৱতি ওলায়, স্বাস-প্রশ্বাস অস্বাভাৱিক হয়, ৰক্তচাপৰ লগতে হৃদগতি বাঢ়ে, জিভা কামোৰ খাব পাৰে, হাত-ভৰি আচাৰি কেইমিনিট মানৰ বাবে সংজ্ঞাহীন হৈ পৰি থাকে, হঠাতে গাটো জিকাৰ খাই উঠা, একেথৰে ৰ লাগি চাই থকা, কাণেৰে হঠাতে বিভিন্ন ধৰণৰ শব্দ শুনা আদি।
চিকিৎসকৰ লগতে সৰ্বসাধাৰণ ৰাইজে মৃগীৰোগৰ লক্ষণবোৰৰ বিষয়ে সহজতে জানিব পাৰিলে ৰোগীৰ চিকিৎসাও সোনকালে সম্ভৱ হ'ব। যথোপযুক্ত পৰীক্ষা নিৰীক্ষা আৰু সঠিক দৰৱৰ দ্বাৰা ৭০ শতাংশ মৃগীৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰিব পৰা যায়। আনহাতে বাকী থকা ২৫ শতাংশ ৰোগীৰ ক্ষেত্রত আমি ভিডিঅ' ইইজি, এম আৰ আই, নিউৰ 'চাইক'লজী মূল্যায়নৰ জৰিয়তে চিকিৎসা সংক্রান্তীয় পৰৱৰ্তী পদক্ষেপ সমূহ গ্রহণ কৰো।
সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ ছয় মাইল শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সুমিতা কলিতাই কয় যে, পৃথিৱীৰ বিভিন্ন গুণী মানি ব্যক্তি যেনে নেপোলিয়ন বোনাপার্ট, আলেকজেণ্ডাৰ, ছাৰ আইজাক নিউটন, জুলিয়াচ চিজাৰ, লেনিন, জান্টি বডছ, 'ডাংগল' ছবিৰ নায়িকা ফাটিমা ছানা শেখ, আমাৰ আটাইৰে হিয়াৰ আমঠু জুবিন গাৰ্গও মৃগীৰোগত আক্রান্ত হৈছিল। বেছিভাগ ক্ষেত্রতে দেখা যায় যে মৃগী ৰোগত আক্রান্ত ৰোগীৰ পাৰদৰ্শিতা আৰু প্রতিভা অন্য লোকতকৈ বেছি সক্ৰিয় আৰু তেওঁলোক প্রতিটো দায়িত্বৰ প্রতি অতি দায়বদ্ধ।
মৃগীৰোগৰ ওপৰত থকা সমাজৰ ভ্ৰান্ত ধাৰণাসমূহ নাইকিয়া কৰি পৰিয়াল, আত্মীয় স্বজন তথা বন্ধু-বান্ধবীয়ে ইতিবাচক চিন্তা-ধাৰাৰে ৰোগীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে চিকিৎসকে প্রদান কৰা ঔষধসমূহ যাতে ৰোগীয়ে নিয়মিতভাবে সেৱন কৰে আৰু চিকিৎসকসকলৰ লগত নিয়মিত পৰীক্ষা নিৰীক্ষা কৰাত ৰোগীগৰাকীক উৎসাহিত কৰিব লাগে। লগতে ৰোগীগৰাকীয়েও যাতে আনৰ নেতিবাচক মতামতলৈ গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিবেশ কৰে সেইটোৰ প্ৰতিও পৰিয়ালে লক্ষ্য ৰখা উচিত।
চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগীৰোগ নিয়ন্ত্ৰণত থকাৰ লগতে মনোবল বৃদ্ধি হোৱাত যথেষ্ট অৰিহণা যোগায়। মৃগীৰোগত আক্রান্ত ৰোগীয়ে নিয়মিত ঔষধ সেবন কৰিলে গাড়ী চলাব পাৰে, সন্তান জন্ম দিব, বিয়া বাৰু কৰোৱা, পঢ়া-শুনা কৰা আদিও কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us