ভূমিস্খলনত পোঁত গ'ল এখন গাওঁঃ ১০০০ বাসিন্দাৰ ভিতৰত ৰক্ষা পৰিল মাত্ৰ এজন ব্যক্তি

ভয়াৱহ ভূমিস্খলনে এখন গাওঁ সম্পূৰ্ণৰূপে পুতি পেলোৱাৰ ফলত গাওঁখনৰ প্ৰায় সংখ্যক লোকেই মৃত্যু হৈছে। এই ঘটনাত ৰক্ষা পৰিছে মাত্ৰ এজন লোক। এই ঘটনা আফ্ৰিকাৰ চুডানত সংঘটিত হৈছে। 

author-image
Asomiya Pratidin
New Update
ভূমিস্খলনত পোঁত গ'ল এখন গাওঁঃ ১০০০ বাসিন্দাৰ ভিতৰত ৰক্ষা পৰিল মাত্ৰ এজন ব্যক্তি

ডিজিটেল ডেস্কঃ ভয়াৱহ ভূমিস্খলনে এখন গাওঁ সম্পূৰ্ণৰূপে পুতি পেলোৱাৰ ফলত গাওঁখনৰ প্ৰায় সংখ্যক লোকেই মৃত্যু হোৱাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰক্ষা পৰিছে মাত্ৰ এজন লোক। এই ঘটনা আফ্ৰিকাৰ চুডানত সংঘটিত হৈছে। 

জানিব পৰা মতে দক্ষিণ চুডানৰ ডাৰফুৰ অঞ্চলৰ এখন পাহাৰীয়া গাওঁ ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছে। দেশখনৰ বিদ্ৰোহী সংগঠন চুডান মুক্তি আন্দোলনে এই ঘটনাত ১০০০ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। তেওঁলোকৰ দাবী এই গাওঁখনৰ মাত্ৰ এজন লোকৰহে প্ৰাণ ৰক্ষা পৰিছে।

গৃহ যুদ্ধত বিধ্বস্ত আফ্ৰিকাৰ চুডানৰ বিদ্ৰোহী সংগঠনটোৱে প্ৰকাশ কৰা মতে যোৱা ৩১ আগষ্টত মাৰা পৰ্বতমালা অঞ্চলৰ টাৰাচিন গাঁৱৰ ধাৰাসাৰ বৰষুণৰ ফলত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। 

এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি অহা শিল, মাটি আদিয়ে গাওঁখন আৱৰি ধৰে। ইয়াৰ পৰা কোনোমতে ৰক্ষা পৰে গাওঁখনৰ এজন ব্যক্তি। বাকী সকলো পাহাৰৰ খহি পৰা মাটি, শিল আদিত পোঁত যায়। 

এনে পৰিস্থিতিত চুডান মুক্তি আন্দোলনৰ নেতৃত্বই ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক ভূমিস্খলনে পুতি পেলোৱা গাওঁবাসীক উদ্ধাৰ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, ২০২৩ চনৰ পৰাই চুডানত গৃহযুদ্ধ চলি আছে।

দেশখনৰ সশস্ত্ৰ বাহিনীৰ দুজন জেনেৰেল আব্দেল ফাত্তাহ আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৱে ক্ষমতাৰ যুঁজ চলাই আছে। ইয়াৰে আব্দেল ফাত্তাহ আল বুৰহান চুডানৰ সেনাবাহিনীৰ মুৰব্বী হোৱাৰ লগতে ২০১৯ চনৰ পৰা দেশৰ সৰ্বোচ্চ শাসকীয় পৰিষদৰ মুৰব্বী হৈ আছে।

জেনেৰেল মহম্মদ হামদান ডাগালো দেশখনৰ অৰ্ধসামৰিক বাহিনী ৰেপিড চাপ’ৰ্ট ফ’ৰ্চ (আৰ এছ এফ)ৰ মুৰব্বী আৰু পৰিষদৰো সদস্য। দুয়োজন জেনেৰেলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘা, লুণ্ঠন, অত্যাচাৰ, ধৰ্ষণত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।

যোৱা বছৰৰ ১৫ এপ্ৰিলৰ পৰা চলি থকা যুদ্ধত কোনো পক্ষই যুদ্ধবিৰতি মানি চলা নাই। পশ্চিম দাৰফুৰ প্ৰদেশত চলি থকা ৰক্তাক্ত ক্ষমতা সংগ্ৰামত শ শ লোকৰ মৃত্যু হৈছে। ৰাজধানী খাৰ্টুমতো বহুতেই প্ৰাণ হেৰুৱাইছে। এই যুদ্ধৰ বাবে এতিয়ালৈকে ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

ভয়ংকৰ গৃহযুদ্ধৰ পৰা হাত সাৰিবলৈ বহু বাসিন্দাই আশ্ৰয় লৈছে মাৰা পৰ্বত অঞ্চলত। ইয়াতেই সাধাৰণ মানুহ প্ৰকৃতিৰ বলি হৈছে। দাৰফুৰৰ সেনা সমৰ্থিত গৱৰ্ণৰ মিনি মিন্নাউইয়ে এই ভূমিস্খলনক “মানৱীয় দুৰ্যোগ” বুলি অভিহিত কৰিছে। কিন্তু এই ভয়াবহ ঘটনাৰ পিছত সৃষ্টি হোৱা গৃহযুদ্ধৰ বাবে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে।

আফ্ৰিকা ভূমিস্খলন