মোৰাঝাৰত ড্ৰাগচ সহ দুজনক গ্ৰেপ্তাৰ...

আৰক্ষীয়ে ড্ৰাগচ সৰবৰাহকাৰী দুগৰাকীৰ পৰা ৬ টা কণ্টেইনাৰ জব্দ কৰে

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত ড্ৰাগচ সহ দুজনক গ্ৰেপ্তাৰ...

drugs

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলা আৰক্ষী প্ৰশাসনে ড্ৰাগচ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা সময়তে দুগৰাকী ড্ৰাগচ সৰবৰাহকাৰীক মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ড্ৰাগচ সৰবৰাহকাৰী দুগৰাকীৰ পৰা ৬ টা ড্ৰাগচ কণ্টেইনাৰ জব্দ কৰিছে।

Advertisment

ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুগৰাকী হৈছে মোৰাঝাৰ বজাৰৰ বাসিন্দা ৰুহেল আহমেদ আৰু ছিৰাজ উদ্দিন। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা ১২ অক্টোবৰৰ নিশা মোৰাঝাৰ বজাৰৰ এটা স্থানৰ পৰা ড্ৰাগচ সহ সৰবৰাহকাৰী দুটাক মোৰাঝাৰ আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰিছিল ।

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰুহেল আহমেদক কিছুদিন পূৰ্বে ড্ৰাগচ সৰবৰাহ কৰা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

জানিব পৰা মতে, আৰক্ষীয়ে শুকুৰবাৰে হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে মোৰাঝাৰ আৰক্ষীয়ে ড্ৰাগচৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত স্থানীয় সচেতন মহলে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।

drugs Assam police