ৰাতি বাঁহী বায়, কোনে মোক কন্দুৱাই...

ৰাতি বাঁহী বায়, কোনে মোক কন্দুৱাই...

আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী ৷ ২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আতৰি গৈছিল কবিগৰাকীয়ে ৷ কবি হীৰেন ভট্টাচাৰ্যৰ সোঁৱৰণত অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত যুগান্ত বায়নৰ এটি লেখা প্ৰকাশ কৰা হ’ল…

আকালৰ চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰাল
স্বপ্ন স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত |
মূলত কি বিহ ? উছন গ'ল গাঁও | নষ্ট নগৰ |
মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ | পাপ মুদ্ৰাৰ পায়োভৰ |
হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা |

আজি ৪জুলাই। আধুনিক অসমীয়া কবিতাক এক প্ৰকাৰৰ দুৰ্বোধ্যতাৰ পৰা মুক্ত কৰি কবিতা অবাক ভালপোৱা এখন বহল পাঠক সমাজ সৃষ্টি কৰা অসমীয়া সাহিত্য জগতত সুগন্ধি পখিলাৰ কবি , প্ৰেম আৰু ৰ’দালিৰ কবি, মানৱতাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি চিৰ প্ৰস্থানৰ দিন। আধুনিক অসমীয়া কাব্য ইতিহাসৰ সৰ্বাধিক জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যদেৱৰ স্মৃতি দিৱস। কবিতা ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবেই কবিতা লিখি আকাশলংঘী জনপ্ৰিয়তা অৰ্জন কৰা হীৰেন ভট্টাচাৰ্যদেৱ ‘হিৰু দা‘ হিচাপে পৰিচিত আছিল ।

ৰাজ্য এখনৰ গাঁৱে-ভূঁঞে জীৱিত কালতে ইমান ঈৰ্ষণীয় জনপ্ৰিয়তা তেখেতৰ বাহিৰে আন কোনো কবিৰ আজিলৈ সম্ভৱপৰ হৈ উঠা নাই ৷ অসমীয়া সাহিত্য জগতত সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলি নামাংকিত কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাত প্ৰগতিশীল সমাজ চেতনাৰ উপৰিও প্ৰেম, যৌৱন, স্বদেশনুৰাগ তথা মানৱতাৰ উজ্জ্বল প্ৰকাশ প্ৰতিফলিত হয়। প্ৰেম, মৃত্যু, জীৱন যন্ত্ৰণা, মানৱীয় প্ৰশান্তি, মানসিক ভীতিগ্ৰস্ততা – জীৱনৰ এই বিচিত্ৰ ৰূপসমূহ হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতাত সুন্দৰ ৰূপত প্ৰতিফলিত হয় ।

স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত
জীৱনধাৰাৰ সুষমা, সময়ৰ ঘনিষ্ঠ উত্তাপ,
মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,
মোৰ ভিতৰত এটা যেন খেতিয়ক,
মই শব্দবোৰ জিভাত দি চাওঁ কাৰ কি সোৱাদ,
হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,
মই সাধাৰণ কবি,
কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আচোঁৰ।

অতি সংযমী আৰু মিতব্যয়ী ভাষাৰ ব্যৱহাৰ, বাচকবনীয়া শব্দৰ চয়নৰ যাদুকৰী শব্দেৰে চুটি চুটি কবিতাৰ মাজত এক সংবেদনশীল ভাৱনাৰ গীতিধৰ্মী কবিতাসমূহে মন প্ৰাণ আলোড়িত কৰিছিল এনেকৈ যে, অসমৰ যিকোনো ঠাইৰে ডেকা গাভৰুৱে থিতাতে উদ্ধৃতি দিব পৰা কবিতা যদি আছে, তেন্তে সেয়া কেবল যেন হীৰুদাৰে আছে ৷

নৱকান্ত বৰুৱাদেৱে লিখিছিল লিমাৰিক এনেদৰে-

চুটি চুটি কবিতা লিখে দীঘল হীৰেন ভট্টই

ফিলিস্তিনক খৰ্ব কৰাত এক প্ৰকাৰে মত্তই

                        যমক অনুপ্ৰাসৰ জমক

                       বুকুত লগাই দি যায় চমক

হঠাতে কোৱা কথাবোৰো অবাক কৰা সত্যই

খুব কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল ১৯৫৭ চনত। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্যৰ প্ৰথম খন কাব্য গ্ৰন্থ সংকলন “ৰৌদ্ৰ কামনা“ প্ৰকাশৰ ব্যৱস্থা কৰিছিল। ৰৌদ্ৰ কামনা হ’ল ষাঠিৰ দশকত আধুনিক অসমীয়া কবিতাৰ অনন্য সংযোজন।

প্ৰথম খন কাব্য গ্ৰন্থ “ৰৌদ্ৰ কামনা” প্ৰকাশ পোৱাৰ আঠ বছৰৰ পাছত ১৯৭২ চনত প্ৰকাশ পাইছিল হীৰেন ভট্টাচাৰ্যৰ দ্বিতীয় খন কাব্য গ্রন্থ “মোৰ দেশ আৰু মোৰ প্রেমৰ কবিতা“। ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত লিখা কবিতা সমূহ এই দ্বিতীয় খন কাব্য গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্যৰ অসমীয়া ভাষাত প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল- ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘শইচ পথাৰ মানুহ’ (১৯৮১), ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্‌চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’, ‘কেইটামান গান’ আদি। ইয়াৰ উপৰিও ভট্টাচাৰ্যৰ বঙালী ভাষাত প্ৰকাশিত কাব্য সংকলন হ’ল- ‘জোনাকী মন আৰু অন্যান্য’, ‘শস্যেৰ মাঠ আৰু অন্যান্য’।

ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল’ৰা ধেমালি লিখি থৈ গৈছে। ২০১২ চনৰ ৪ জুলাইত কবি হীৰেন ভট্টাচাৰ্যৰ দেহাৱসান ঘটে। কবিগৰাকীৰ দ্বাদশ মৃত্যু তিথিৰ এই পবিত্ৰ দিনটোত হীৰুদা লৈ জনাইছোঁ অলেখ সশ্ৰদ্ধ প্ৰণাম।

ৰাতি বাঁহী বায়, কোনে মোক কন্দুৱাই...
সোঁৱৰণী কুঁৱলীৰ মাজত আকাশবাণী গুৱাহাটী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in