/asomiyapratidin/media/media_files/2025/03/07/xBLtbD58yolHcZifZxhY.jpg)
অৰ্হতাতকৈ দক্ষতাক প্ৰধান অগ্ৰাধিকাৰ
ডিজিটেল ডেস্ক: ইণ্ডিয়া ইনকৰ্পৰেশ্যনৰ জৰিয়তে বৃদ্ধি পাইছে নিযুক্তিৰ সংখ্যা। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত নিযুক্তিৰ সংখ্যা ১০% বৃদ্ধি পাইছে। চাকৰি আৰু প্ৰতিভাৰ মঞ্চ 'ফাউণ্ড ইটে' প্ৰকাশ কৰিছে এই তথ্য। এই নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতাতকৈ দক্ষতাক প্ৰধান অগ্ৰাধিকাৰ দিয়া হয়। তথ্য অনুসৰি, পূৰ্বে ২০২৩ চনত এই পৰিসংখ্যা আছিল ৪%। কিন্তু পূৰ্বৰ ৪%ৰ পৰা ২০২৫ চনত ১৪%লৈ বৃদ্ধি পাইছে নিযুক্তিৰ সংখ্যা, যিয়ে অধিক দক্ষতা-চালিত কৰ্মশক্তিৰ পৰিৱৰ্তন প্ৰতিফলিত কৰিছে।
'ফাউণ্ড ইট'ৰ চিইঅ' ভি সুৰেশে সদৰী কৰা অনুসৰি, "শেহতীয়াকৈ স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাহিদাৰ দক্ষতা আহৰণ, প্ৰমাণপত্ৰ অৰ্জনৰ লগতে পৰ্টফলিঅ' গঢ়ি তোলাত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত এক মূল্যৱান সুযোগ দিয়ে। লগতে ই আজিৰ চাকৰিৰ বজাৰত নিজকে পৃথক কৰিবলৈ সক্ষম কৰে।"
ফাউণ্ডিটৰ মতে, নতুন কৰ্মচাৰী নিযুক্তিও ৬% বৃদ্ধি পাইছে। বিভিন্ন খণ্ডৰ ভিতৰত আই টি হাৰ্ডৱেৰ আৰু চফ্টৱেৰে সতেজ নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছে। ২০২৪ চনত ১৭%ৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৩৪%লৈ ইয়াৰ অংশীদাৰিত্ব দুগুণলৈ বৃদ্ধি পাইছে। যি নিশ্চিতভাৱে নিবনুৱাৰ বাবে ভাল খবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us