মনৰ কথা ২২ : পখিলাই আহে নিচা খাবলৈ…

মনৰ কথা ২২ : পখিলাই আহে নিচা খাবলৈ…

author-image
asomiyapratidin
New Update
মনৰ কথা ২২ : পখিলাই আহে নিচা খাবলৈ…

পখিলা অহা এখন বিদ্যলয় । বিশিষ্ট সাংবাদিক তিলক হাজৰিকা,বিশিষ্ট সাহিত্যিক মহিম বৰা,ৰঞ্জু হাজৰিকা আছিল এই বিদ্যালয়ৰ ছাত্ৰ । পখিলা আহে এই বিদ্যালয়লৈ পঢ়িবলৈ নহয় নিচা খাব । মৃদুল কুমাৰ সন্দিকৈৰ সৈতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ভূপেন শৰ্মাৰ মনৰ কথা

Advertisment

ভিৰৰ মাজত ব্যতিক্ৰম । জ্ঞানৰ মন্দিৰেই নহয় এখন যেন আশ্ৰম । জ্ঞান আন্বেষনৰ দৌৰত আনতকৈ পৃথক । অভাৱ অনাটন সকলো নেওঁচি ইতিবাচক চিন্তাৰে গঢ়ি তোলা হৈছে এই বিদ্যা মন্দিৰ । কোনে কয় চৰকাৰী বিদ্যালয় মানে পুতৌ লগা অৱস্থা । এক ঐতিহ্য আৰু ইতিহাস সাৱতি ছাত্ৰ-ছাত্ৰীৰ বাস্তৱমুখী জ্ঞানৰ সন্ধান দিয়া এই বিদ্যালয় খন আছে কলিয়াবৰত ।

১৯৩২ চনতে জেমচ ষ্টুডাৰ্ট লৰ্নীয়ে নামৰ এজন ব্ৰিটিছ চাহাবে স্থাপন কৰিছিল এই বিদ্যালয় ।তেতিয়াৰ পৰাই সেই অঞ্চলটোত জ্ঞানৰ পোহৰ মেলা এই বিদ্যালয় খন আনতকৈ ভিন্ন ৰূপত ছাত্ৰ- ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিছে । কোভিডে বহু নিলে কিন্তু এই বিদ্যালয়ক কোভিডে বহু দিলে । পৰিস্থিতিৰ সৈতে ছাত্ৰ ছাত্ৰীক অৱস্থান ল'বলৈ শিকালে ।

বিদ্যালয় খনৰ নাম কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় । এই বিদ্যালয়ৰে ছাত্ৰ আছিল অসমৰ সংবাদ জগতৰ মহীৰূহ,সাদিনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক তিলক হাজৰিকা । বিশিষ্ট সাহিত্যিক মহিম বৰা এই বিদ্যালয়ৰে ছাত্ৰ আছিল । বিশিষ্ঠ চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি,বিশিষ্ট লেখক-সমালোচক উপেন্দ্ৰ বৰকটকী, লিখক ৰঞ্জু হাজৰিকা,ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৱন বৰঠাকুৰ, গল্পকাৰ কুসুম বৰা, গীতিকাৰ গুণমনি বৰা এই বিদ্যালয়ৰে ছাত্ৰ আছিল ।

কেইবা সহস্ৰাধিক কিতাপেৰে আছে বিদ্যালয় খনৰ বিদ্যালয় খনৰ এটা ব্যতিক্ৰম পুথিভৰাল । ব্ৰিটিছ চাহাপ জনে নিজে দান দিয়া বহু পুৰনি পুথিৰ লগতে অসম সাহিত্য় সভাৰ প্ৰায় বোৰ পুৰনি পত্ৰিকা,অসমীয়া সাহিত্যৰ কেইবাখনো পুৰনি মূল্যবান গ্ৰন্থ সযতনে থৈ দিয়া আছে ।

বিদ্যালয় খনৰ অধ্যক্ষ নিজেই এগৰাকী অতি সচেতন অভিভাবক । প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ বিকাশৰ প্ৰতি দৃষ্টি ৰাখি নিজৰ দৰমহাৰ ধনেৰে বিদ্যালয়ৰ পুথিভৰাললৈ প্ৰতিমাহে দান দিয়ে ১০-১২ খনকৈ শিশু উপযোগী আলোচনী । বিদ্যালয় খনৰ পুথিভৰালত বিশ্ষ ভাবে বন্ধাই থোৱা আছে অসমীয়া প্ৰতিদিনৰ যোৱা ১১ মাহৰ প্ৰতিটো সংখ্যা । অধ্যক্ষ ভূপেন শৰ্মাকএই বিষয়ে সোধাত তেওঁ ক'লে – কোভিড সৃষ্ট পৰিবেশৰ প্ৰতিটো দিনৰ পৰিঘটনা যাতে সংৰক্ষিত হয় তাৰ বাবেই এই পদক্ষেপ তেওঁ লৈছে।এক কথাত কোভিডৰ প্ৰতিটো দিনৰ বুৰঞ্জী সংৰক্ষন কৰিছে এই বিদ্যালয়ে।

বিদ্যালয়ৰ প্ৰতিটো পুৰনি সম্পদ সাঁচি থোৱা আছে অতি সযতনে আনকি ১৯৩২ চনত ৬ অক্টোবৰত তিলক চন্দ্ৰ হাজৰিকাৰ নামভৰ্তি কৰা বহী খনো সংৰক্ষিত কৰি থৈছে । উল্লেখযোগ্য যে এই বিদ্যালয়ৰ ছাত্ৰ হিচাপে বিশিষ্ট সাংবাদিক তিলক হাজৰিকাই বিদ্যালয় খনত অধ্যয়ন কৰাৰ লগতে ১৯৪৭ চনৰ পৰা ১৯৫৯ চনলৈকে এই বিদ্যালয়ত শিক্ষকতাও কৰিছিল ।

১৯৪০ চনৰ পৰা এই বিদ্যালয় চলি আছে আন এক পৰম্পৰা । ছাত্ৰ-ছাত্ৰীৰ হাতে লিখা আলোচনী জ্ঞানোদয়,সূৰ্যদয় আদি আছে পুথিভৰালত সংৰক্ষন । এই পৰম্পৰা এতিয়াও অব্যাহত । বিদ্যালয় চৌহদত নাই এটাও পলিথিনৰ টুকুৰা । পলিথিন বিহীন চৌহদ এই বিদ্যালয়ৰ । বিদ্যালয় খনৰ নিজৰে আছে এখন ডাম্পিং গ্ৰাউণ্ড । প্ৰতিটো শ্ৰেণী কোঠাৰ সন্মুখতে ডাষ্টবিন । শ্ৰেণী কোঠা সমূহৰ নামো ডিব্ৰু চৈখোৱা,দিহিং আদিৰ নামেৰে দিয়া ।

বিদ্যালয় খনত আছে উদ্ভিদ বৈচিত্ৰ কেন্দ্ৰ । ৪০ বিধৰো অধিক থলুৱা ঔষধি গুন সম্পন্ন গছ গছনি আছে এই বৈচিত্ৰ কেন্দ্ৰত । আছে শগুনী লতা, শতমূল,কৰজা টেঙা, নগা টেঙা, থেকেৰা টেঙা, অশ্বগন্ধা,সমিধ,সৰ্পগন্ধা আদি । প্ৰায় ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয় খনত আছে নিজকৈ এখন ফল-মূলৰ বাগিছা । ৪ বিঘা মাটিত থলুৱা ফলমূলৰ গছ গছনি আছে । ২০১৫ চনত আৰম্ভ কৰিছিল এই বাগিছা । য'ত আছে আম,জলফাই,আমলখি,মধুৰী,ভাতঘিলা,সেন্দুৰী,কঠাল আদি গছ ।

বিদ্যালয় খনৰ পুৰনি গৃহটো সংৰক্ষিত কৰি থৈছে । লণ্ডনৰ পৰা জাহাজেৰে লোহা আনি বনাইছিল সেই ঘৰ । উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত যোৱা তিনি বছৰত ১০০ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ন হৈছে বিদ্যালয়ৰ পৰা । হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সেই একেই ফলাফল । ১০০ শতাংশই উত্তীৰ্ন হয় । কাৎচিতহে সেই হাৰ কমিলেও ৯০ শতাংশৰ তললৈ নানামে । ১৯৭৯ চনৰ পৰা আৰম্ভ কৰা হৈছিল উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা । বিদ্যালয় খনৰ চৌহদত আছে আন এক আকৰ্ষিত স্থান । '

বিদ্যালয় শ্ৰেণী কোঠাৰ মাজভাগৰ খালী ঠাইত আছে বিশেষ কেইজোপামান গছ । বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মাই জানিব দিয়া মতে এই গছ বিধৰ নাম ঘন্টা কৰ্ণ ।তাত পৰি থাকে শ শ পখিলা । আচৰিত ধৰনে সেই গছৰ পাতৰ ৰস খাই এক প্ৰকাৰৰ নিচাগ্ৰস্ত হৈ পাতত পৰি থকা পখিলাবোৰ হাতেৰে চুলেও উৰি নাযায় । নিচা ফাটিলেহে সেই ঠাই এৰে পখিলা বোৰে । এয়াও এক প্ৰাণী বিঞ্জানৰ গৱেষনাৰ কেন্দ্ৰ হ'ব পাৰে ।

বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক ।নাই এজনো কেৰাণী । ৪২ টা শিক্ষক পদৰ বিপৰীতে মাত্ৰ ২০ জনহে আছে শিক্ষক । তথাপিও কঠোৰ পৰিশ্ৰমে এখন ব্যতিক্ৰম বিদ্যালয় ৰূপে গঢ়ি তুলিছে এই বিদ্যালয় খনক । প্ৰকৃতিৰ মাজতে ছাত্ৰ- ছাত্ৰীক দিয়ে প্ৰকৃতিৰ শিক্ষা । এখন আশ্ৰম সদৃশ বিদ্যালয় কলিয়াবৰ উচ্চতম মাধ্যমিক বিদ্যালয় । সম্পূৰ্ণ খণ্ডটো চাবলৈ তলৰ লিংকত ক্লিক কৰক –