দেশৰ বাবে মোদীৰ শাসন অনুপযুক্ত! প্রধানমন্ত্ৰীক অসৎ আখ্যা মনমোহন সিঙৰ

দেশৰ বাবে মোদীৰ শাসন অনুপযুক্ত! প্রধানমন্ত্ৰীক অসৎ আখ্যা মনমোহন সিঙৰ

author-image
asomiyapratidin
New Update
দেশৰ বাবে মোদীৰ শাসন অনুপযুক্ত! প্রধানমন্ত্ৰীক অসৎ আখ্যা মনমোহন সিঙৰ

ডিজিটেল ডেস্কঃ ভাৰতৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা চিবিআইৰ ভিতৰত চলি থকা মত বিবাদৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একে নিশাৰ ভিতৰতে সংস্থাটোৰ দুই শীৰ্ষ বিষয়াক বাধ্যতামূলক ছুটী প্ৰদান কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই ঘটনাক এক ইছ্যু হিচাপে লৈ বিৰোধীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিছে৷ এইবাৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং৷

Advertisment

শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কংগ্ৰেছ নেতা শশী থৰুৰৰ 'দ্য পেৰাডাক্সিয়েল প্ৰাইম মিনিষ্টাৰ' নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত হৈ মোদীক এগৰাকী ভ্ৰষ্ট নেতা বুলি মন্তব্য কৰে৷ তেওঁ কয়- 'দেশৰ বাবে মোদীৰ শাসন উপযুক্ত হ'ব নোৱাৰে৷ তেওঁ জনতাক যি আশ্বাস দি বিজয় হৈছিল এতিয়া সেয়া এক সপোনহে৷ কিয়নো সেই আশ্বাস পূৰণৰ বাবে তেওঁ কোনো চেষ্টা নকৰিলে৷ দেশত হিংসা, আক্ৰমণ, গো-ৰক্ষাৰ ক্ষেত্ৰত তেওঁ সদায় মৌন হৈয়েই থাকিল৷'

ইফালে চিবিআই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্ত এক চক্ৰান্তমূলক সিদ্ধান্ত বুলিও মন্তব্য কৰে মনমোহন সিঙে৷ তেওঁ কয়- মোদীয়ে একাংশ দুৰ্নীতিগ্ৰস্থ নেতা-মন্ত্ৰীৰ মুখা খোল খোৱাৰ ভয়ত আলোক বাৰ্মাৰ নিচিনা এগৰাকী সত্যনিষ্ঠ বিষয়াক বাধ্যতামূলক ছুটী প্ৰদান কৰিছে৷ কিন্তু মোদীৰ এই চতুৰালি এদিন পোহৰলৈ আহিব৷

উল্লেখ্য যে, কংগ্ৰেছ নেতা তথা লেখক শশী থৰুৰে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত এখন গ্ৰন্থৰ উন্মোচন কৰে৷ 'দ্য পেৰাডাক্সিয়েল প্ৰাইম মিনিষ্টাৰঃ নৰেন্দ্ৰ মোদী এণ্ড হিজ ইণ্ডিয়া' নামৰ গ্ৰন্থখনত মোদীক এগৰাকী অসত্যবাদী নেতা হিচাপে উল্লেখ কৰি মোদী আৰু ভাৰতৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিছে৷'