মণিপুৰী চিনেমা ‘বুং’ৰ সফলতা

দেশৰ চলচ্চিত্ৰ জগত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। মণিপুৰী ভাষাৰ চলচ্চিত্ৰ 'বুং' লৈ ২০২৬ বৰ্ষৰ BAFTA বঁটা।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ দেশৰ চলচ্চিত্ৰ জগত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। মণিপুৰী ভাষাৰ চলচ্চিত্ৰ 'বুং' লৈ ২০২৬ বৰ্ষৰ BAFTA বঁটা। শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ শাখাত এই বঁটা লাভ কৰে । বাফটাত বুং আছিল ভাৰতৰ পৰা মনোনীত একমাত্ৰ ছবি ।

WhatsApp Image 2026-02-24 at 7.56.11 AM

লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হয় ৭৯ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ড। অনুষ্ঠানত অভিনেতা তথা প্ৰযোজক আলিয়া ভাটে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ শাখাত বঁটা প্ৰদান কৰে। 

উল্লেখ্য যে- লক্ষ্মীপ্ৰিয়া দেৱীৰ পৰিচালনা আৰু বিকাশ ভুটানী, এলান মেকএলেক্স, ৰিতেশ সিধৱানী আৰু শুজাত সৌদাগৰৰ সৈতে ফাৰহান আখটাৰে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে গুগুন কিপগেন আৰু বালা হিজামে। এই‌ বঁটা সংগ্ৰহৰ অনুষ্ঠানত উপস্থিত থাকে ফাৰহান আখটাৰৰ  লগতে ফাৰহান আখতাৰ সপত্নীক শিৱানী দণ্ডেকাৰো। লগতে মণিপুৰী ভাষাৰ প্ৰথম ফিচাৰ ফিল্ম বুঙে আৰ্কো, লিলো এণ্ড ষ্টিচ আৰু জুট'পিয়া ২ৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

WhatsApp Image 2026-02-24 at 7.56.11 AM (1)

মণিপুৰ