/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-18-32-38.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ বিভিন্ন স্থানৰ পৰা ৪ জন UNLF (P) বিদ্ৰোহী সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা বিদ্ৰোহী সদস্য কেইজনে ছেকমাই-পিএছৰ অন্তৰ্গত মহাৰাবি-ফেইডিংগা ষ্টেচনৰ পৰা মাছৰ বৰফৰ বাকচ ভৰ্তি এখন ট্ৰাক হাইজেক কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/599945148_3497495507055329_903920160408977431_n-2025-12-19-18-31-44.jpg)
উল্লেখ্য যে- ধৃত কেডাৰকেইজন ইম্ফল পূৱ জিলাৰ য়াইৰিপক লাইমানাইৰ বৰিশ সাগোলচেম, থৌবাল জিলাৰ য়াইৰিপক বিষ্ণুনাহা মায়াই লেইকাইৰ হেৰোজিৎ শৰ্মা,বিষ্ণুপুৰৰ সবাল আৱাং লেইকাইৰ আচেম অমৰ মেইটেই আৰু ইম্ফল ইষ্টৰ য়াইৰিপক তুলিহালৰ মোঃ ছলমান খান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে হাইজেক কৰা ট্ৰাকখনৰ লগতে বৰফ মাছৰ বাকচ উদ্ধাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/599945148_3497495507055329_903920160408977431_n-2025-12-19-18-31-56.jpg)
ইয়াৰ উপৰিও হাইজেক কৰা ট্ৰাকখনৰ পৰা মাছৰ বাকচ স্থানান্তৰ কৰাৰ বাবে ব্যৱহাৰ কৰা দুখন ডাম্পাৰো জব্দ কৰে। জব্দ কৰা বাহনকেইখনৰ চালক আৰু হেণ্ডিমেনকো গ্ৰেপ্তাৰ কৰে।ইপিনে বিষ্ণুপুৰৰ টৰবুং বাংলাৰ পুখ্ৰাম্বম মুখেশ সিং,ইম্ফল পূব জিলাৰ য়াইৰিপক নুংগাইপকপি মামাং লেইকাইৰ ৱাইখম বিজেন মেইটেই আৰু ইম্ফল পূৱ জিলাৰ য়াইৰিপক নুংগেপকপি মামাং লেইকাইৰ লৌক্ৰকপাম শীতলজিৎ সিং ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us