মণিপুৰৰ সেনাপতি জিলাৰ বিশাল জনসভাত নগা ৰাজনৈতিক সংগ্ৰামৰ জীৱন্ত কিংবদন্তি থুইংগালেঙ মুইভাক ৰাজহুৱা সম্বৰ্ধনা...

নগাসকলৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱা মানুহজন আজি জাতিৰ নায়কত পৰিণত। জীৱনৰ বেছিভাগ সময় নিৰ্বাসিত জীৱন কটোৱা  এই লৌহ কঠিন মানুহৰজনৰ দৃঢ় আপোচহীনতাৰ সংগ্ৰাম

author-image
Asomiya Pratidin
New Update
Untitled-1 copy

ডিজিটেল সংবাদ, বেকাজানঃ নগাসকলৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱা মানুহজন আজি জাতিৰ নায়কত পৰিণত। জীৱনৰ বেছিভাগ সময় নিৰ্বাসিত জীৱন কটোৱা  এই লৌহ কঠিন মানুহৰজনৰ দৃঢ় আপোচহীনতাৰ সংগ্ৰাম আৰু ৰাজনৈতিক পৰিপক্কতাৰ বাবে ভাৰত চৰকাৰে তেওঁলোকৰ অনন্য ইতিহাসক স্বীকৃতি প্ৰদান কৰিছে। বুধবাৰে  ৯১ বছৰ বয়সতো জাতিৰ ৰাজনৈতিক অধিকাৰ বাবে সংগ্ৰাম চলাই নিয়াৰ কথা তেওঁ  ঘোষণা কৰিছে।

সেয়ে মণিপুৰৰ সেই ঐতিহাসিক সেনাপতি জিলাৰ সদৰ পৰাই  কৈছে--- বিগত সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ চূড়ান্ত সমাধান   আমষ্টাৰডাম যৌথ বিবৃতি আৰু কাঠামো চুক্তিৰ আধাৰত এক সন্মাজনক আলোচনাৰ  জৰিয়তে কৰা হ'ব। চূড়ান্ত নগা সমস্যাৰ সমাধান  আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত নাগালিমৰ অনন্য ইতিহাস, নাগালিমৰ সাৰ্বভৌমত্ব, নাগালিমৰ ভূখণ্ড আৰু নগা জাতীয় পতাকা আৰু নগা জাতীয় সংবিধান অনুসৰি একমাত্ৰ সন্মাজনক আলোচনাৰ ৰাজনৈতিক চুক্তি হ’ব।  সুদীৰ্ঘ ৬১ বছৰৰ পিছত নিজৰ ওপজা গাঁৱ মণিপুৰৰ উখৰুলৰ সোমদলৰ নদিনীয়া ভ্ৰমণত থকা বয়সীয়ান নেতাক আজি মণিপুৰৰ সেনাপতি জিলা  সদৰত আয়োজন কৰা ৰাজহুৱা সম্বধৰ্না অনুষ্ঠানত অংশগ্ৰহণ কৰি মুইভাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।  

সেনাপতি জিলা সদৰ তাহামজামত ষ্টেডিয়ামত হাজাৰ হাজাৰ নগাৰ আশীৰ্বাদ আৰু উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি মুইভাই আৰু কয়-- মই আপোনালোক সকলোকে আশ্বস্ত কৰিছো যে এন এছ চি এন/জি পি আৰ এন, নাগালিম আৰু নগা জনসাধাৰণৰ অনন্য ইতিহাস,  সাৰ্বভৌমত্বৰ  ৰক্ষাৰ বাবে শেষ মুহূৰ্তলৈ  দৃঢ়তাৰে থিয় দিব। দক্ষিণ নাগালিমৰ শ্বেপৌমাৰমথ অঞ্চল, ৱুং টাংখুল অঞ্চল, কমৰেম অঞ্চল, কেন্দ্ৰীয় প্ৰশাসন মৰম থাংগল উপ-অঞ্চল, জেইলাদ অঞ্চল, মাকুইলংডি অঞ্চল, আছালু অঞ্চল আৰু খুৰমি অঞ্চলৰ নগাসকলে তেওঁক  উষ্ম আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয়-- মই সঁচাকৈয়ে সন্মানিত হৈছো।

মোৰ জন্মস্থান সোমদল, উখৰুল-উং টাংখুল অঞ্চললৈ ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ আৰু ফলপ্ৰসূ ভ্ৰমণৰ বাবে মই প্ৰভু ঈশ্বৰক  ধন্যবাদ জনাইছো। নাগালিমৰ এই অংশৰ  নগাসকলৰ পৰম বলিদানৰ ইতিহাসৰ সাক্ষী। ভাৰত আৰু ম্যানমাৰৰ বিৰুদ্ধে নাগালিম জাতীয় সংগ্ৰামত সাহসী আৰু দায়বদ্ধ নগাসকলে নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে এক জনগোষ্ঠী হিচাপে থিয় দিয়া দেখা গৈছে।  সাম্প্ৰতিক ভাৰত-নগা ৰাজনৈতিক শান্তি প্ৰক্ৰিয়াত এন এছ চি এনে গ্ৰহণ কৰা নিৰ্ণায়ক ৰাজনৈতিক পদক্ষেপৰ ঐতিহাসিক সংগ্ৰাম বাবে নাগালিমৰ দক্ষিণ অংশৰ সকলো নগাকে তেওঁ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। 

তেওঁ অভিযোগ কৰে যে  ৰাজনৈতিক আৰু শান্তিপূৰ্ণ উপায়েৰে নগা ৰাজনৈতিক সমস্যা সমাধান কৰাত ব্যৰ্থ হৈ ভাৰত আৰু ম্যানমাৰে সামৰিক শক্তিৰে নাগালিম আৰু নগা জনসাধাৰণক দমন কৰাত কৰাত নগাসকল  হতাশ হৈ পৰিছে। তেওঁ কয় যে  ২০০২ চনৰ ১১ জুলাইৰ আমষ্টাৰডাম যৌথ বিজ্ঞপ্তি আৰু ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিৰ  নাগালিম- অতীত, বৰ্তমান আৰু ভৱিষ্যতক প্ৰতিনিধিত্ব কৰা চৰকাৰ আৰু এন এছ চি এনৰ মাজত ভাৰত-নগা ৰাজনৈতিক শান্তি প্ৰক্ৰিয়াৰ সফল সমাপ্তিৰ বাবে  গুৰুত্বপূৰ্ণ ৰাজনৈতিক ভেটি স্থাপন কৰিছে । ভাৰত-নগা সংঘাত যে এক ৰাজনৈতিক সংঘাত সেই কথা  স্বীকাৰ কৰি আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ভাৰত চৰকাৰে।

তেওঁ নগা সমস্যাৰ সমাধান নহলে এই সশস্ত্ৰ চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে।ইফালে  মুইভাৰ  সেনাপতি জিলা ভ্ৰমণৰ  আদৰণি জনাই  সদৌ নগা ছাত্ৰ সন্থা, মণিপুৰে (আনছাম)  ফ্ৰেমৱৰ্ক চুক্তিখনক সমৰ্থন কৰে। সদৌ নগা ছাত্ৰ সন্থা, মণিপুৰৰ সভাপতি আংতেছাং মাৰিঙে কয়--  ছয় দশকৰ পিছত মুইভা নিজৰ জন্ম গাঁও সোমদলৈ সোঁশৰীৰে উভতি অহাত মণিপুৰৰ নগা যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি জনায়। মুইভাই আজি সেনাপতি জিলা সদৰ তাহামজামলৈ অহাৰ কাৰ্যক শিপালৈ ঐতিহাসিকভাৱে ঘূৰি অহা বুলি অভিহিত কৰে। 

 ছাত্ৰ সংগঠনটোৱে ৰাজনৈতিক সংগ্ৰামৰ জীৱন্ত কিংবদন্তি মুইভাক আদৰণি জনাই কয়--- মুইভাৰ জীৱন নগা জাতিৰ বাবে ত্যাগ, সাহস, আৰু অবিচ্ছেদ্য প্ৰত্যয়ৰ গীত হৈ আহিছে। নিৰ্বাসনৰ হাজাৰ ধুমুহা আৰু সময়ৰ পৰীক্ষাৰ মাজতো থিয় দি আছে। তেওঁ পাহৰি যাবলৈ অস্বীকাৰ কৰা মানুহৰ আশা কঢ়িয়াই লৈ ফুৰিছে – তেওঁ বিশ্বাস আৰু ভাগ্যৰ ওপৰত জন্ম লোৱা এটা জাতিৰ আশা,  এক জনগোষ্ঠী হিচাপে, এখন পতাকাৰ তলত, এক সংবিধান  এক  অধীনত একত্ৰিত হ’বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আজি কটকটীয়া নিৰাপত্তাৰ মাজেৰে মণিপুৰৰ সেনাপতি জিলাৰ এক বিশাল ৰাজহুৱা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি এন এছ এনৰ মুৰব্বী থুইংগালেঙ মুইভাই অতীত আৰু সংগ্ৰামী জীৱনক সোঁৱৰি আবেগিক হৈ পৰে ।   সংগ্ৰামী নেতাজনক  আদৰিবলৈ  সেনাপতি জিলা সদৰ তাহামজামত ষ্টেডিয়ামত পৰম্পৰাগত টাংখুল নগাৰ পোছাক পিন্ধি শিশুৰ পৰা বৃদ্ধলৈ সমবেত হয়। হাতত নাগালিমৰ পতাকা লৈ সমবেত সংগীতৰে প্ৰিয় নেতা মুইভা আদৰণি জনায় । 

মণিপুৰ