মৈৰাবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন...

ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। ঘটনাৰ স্থান মৰিগাঁও জিলাৰ মৈৰাবাৰী।  আৰক্ষী অহাৰ উমান পাই পলাই যাবলৈ সক্ষম হয় আজাহাৰুল ইছলাম ওৰফে ৰাজা মণি আৰু মফিদুল ইছলাম নামৰ আন দুজন সৰবৰাহকাৰী। 

author-image
Asomiya Pratidin
New Update
wwwwwwwwwww

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। ঘটনাৰ স্থান মৰিগাঁও জিলাৰ মৈৰাবাৰী।  আৰক্ষী অহাৰ উমান পাই পলাই যাবলৈ সক্ষম হয় আজাহাৰুল ইছলাম ওৰফে ৰাজা মণি আৰু মফিদুল ইছলাম নামৰ আন দুজন সৰবৰাহকাৰী। 

Advertisment

মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৱাই আজি দুপৰীয়া চলোৱা এক অভিযানত এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে নুৰ হুছেইনক। নুৰ হুছেইনে দক্ষিণ মৈৰাবাৰী অঞ্চলত নিজা ঘৰতে দীর্ঘ দিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী  উপস্থিত হৈ নুৰ হুছেইনক নিজৰ জিম্মাত লৈ থানালৈ লৈ যায়। উল্লেখ যে মৈৰাবাৰীৰ ড্ৰাগছ ব্যৱসায়ৰ মূল ব্যৱসায়ী মফিদুল ইছলামৰ ছত্ৰ ছায়াত নুৰ হুছেইনে অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।  সম্প্ৰতি মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে ধৃত সৰবৰাহকাৰীটো। 

মৈৰাবাৰী