মোহনমালাৰ বিয়োগত কাজিৰঙাত শোক...

আজি শেষ নিশ্বাস ত্যাগ কৰিলে মোহনমালাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দীঘলীয়া সময়ৰ সাক্ষী আছিল মোহনমালা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু ঘাট-প্ৰতিঘাটক সন্মুখৰ পৰা দেখিছিল মোহনমালাই। 

author-image
Tushar Pratim
New Update
মোহনমালাৰ বিয়োগত কাজিৰঙাত শোক...

ডিজিটেল সংবাদ বোকাখাতঃ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে মোহনমালাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক দীঘলীয়া সময়ৰ সাক্ষী আছিল মোহনমালা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু ঘাট-প্ৰতিঘাটক সন্মুখৰ পৰা দেখিছিল মোহনমালাই। 

Advertisment

১৯৭৪ চনত কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছিল। আৰু তাৰ ঠিক এবছৰ পিছত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰো স্বীকৃতি লাভ কৰিছিল কাজিৰঙাই। এই গৌৰৱোজ্জ্বল সময়খিনিৰো সাক্ষী আছিল মহোনমালা। 

২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে উদযাপন কৰিছিল শতবৰ্ষ। এই শতবৰ্ষ অনুষ্ঠানৰো গৌৰৱময় সাক্ষী হিচাপি প্ৰায় প্ৰতিটো কাৰ্যসূচীৰে সাক্ষী আছিল মোহনমালা। সেই মোহনমালাই আজি এই পৃথিৱীৰ পৰা বিদায় ল’লে। 

১৯৭০ চনৰ ১৭ মে’ত কাজিৰঙালৈ অনা হৈছিল মোহনমালা নামৰ হাতীটোক। বৃহস্পতিবাৰৰ পুৱাৰ ভাগলৈকে এই মোহনমালাই আছিল কাজিৰঙাৰ আটাইতকৈ বয়সীয়াল হাতী। এক দীঘলীয়া সময় কাজিৰঙালৈ সেৱা প্ৰদান কৰি ২০০৩ চনত কৰ্তব্যৰ পৰা অৱসৰ লৈছিল। আৰু আজি বিদায় ল’লে এই পৃথিৱীৰ পৰা। 

মোহনমালাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্নজনে শোক প্ৰকাশ কৰিছে। শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈয়ো ভিন্নজন আহি মোহনমালাৰ নিথৰ দেহৰ কাষত থিয় হৈছে। কাজিৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো আনুষ্ঠানিকভাৱে সম্পূৰ্ণ মৰ্যাদাসহকাৰে মোহনমালালৈ জনালে শেষ শ্ৰদ্ধাঞ্জলি। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা