গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতৰ বৌদ্ধিক- মত বিনিময় কাৰ্যক্ৰম

ভাৰতবৰ্ষৰ প্ৰতি প্ৰেম -শ্ৰদ্ধা কৰা সকলোৱে হিন্দু ৷ আনহাতে,  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অধিক বুজি পোৱা চেষ্টা ক্ৰমান্বয়ে সমাজত বাঢ়ি অহাৰ লগে লগে সংঘৰ নাম জনসমাজত প্ৰসিদ্ধ হৈছে

author-image
Asomiya Pratidin
New Update
258

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱত দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হৈছে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ভাগৱত ১৮ আৰু ১৯ নবেম্বৰত প্ৰথম দিনৰ আজি আবেলি ৪ বজাত সুদৰ্শনালয়ত অনুষ্ঠিত কাৰ্যক্ৰমত উপস্থিত থাকে।

তেওঁ কয় যে ভাৰতবৰ্ষৰ প্ৰতি প্ৰেম -শ্ৰদ্ধা কৰা সকলোৱে হিন্দু ৷ আনহাতে,  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অধিক বুজি পোৱা চেষ্টা ক্ৰমান্বয়ে সমাজত বাঢ়ি অহাৰ লগে লগে সংঘৰ নাম জনসমাজত প্ৰসিদ্ধ হৈছে । কিন্তু বৰ্তমানো সংঘৰ কাৰ্যপ্ৰণালী সম্পৰ্কে বহুত মানুহ সিমান পৰিচিত নহয়।

আটায়ে সংঘক ওচৰৰ পৰা বুজিবলৈ চেষ্টা কৰা উচিত। কেৱল মাত্ৰ স্বয়ংসেৱকক দেখি বা তেওঁলোকৰ কাৰ্যপদ্ধতিৰ দ্বাৰা মানুহে সংঘক বুজিবলৈ চেষ্টা কৰে। কিন্তু এয়া সম্পূৰ্ণ নহয়। সংঘই কাকোৱে বিনাশ কৰিবলৈ সৃষ্টি হোৱা নাই, নতুবা তাৎক্ষণিকভাৱে সংঘৰ উৎপত্তি হোৱা নাই।

সংঘই নিজ দেশক মহাশক্তি নহয়, বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। ডাঃ হেডগেৱাৰৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। সংঘ কোনো প্ৰতিষ্ঠান নতুবা অইন অনুষ্ঠানৰ মাৰ্গদৰ্শনত পৰিচালিত নহয়। গোটেই বিশ্বই বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে।

WhatsApp Image 2025-11-18 at 7.40.17 PM

ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে গোটেই বিশ্ব মাৰ্গদৰ্শন কৰিব পাৰে। তেখেতে লগতে উল্লেখ কৰে যে ভাৰত আৰু হিন্দু এই দুয়োটা ধাৰনাই সমাৰ্থক। ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজনীয়তা নাই। হেজাৰ হেজাৰ বছৰীয়া সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰত সদায় হিন্দু ৰাষ্ট্ৰ হিচাপে জিলিকি আছে। হিন্দু এক ধৰ্ম নহয়।

হিন্দু হৈছে এক সভ্যতা সংস্কৃতিৰ ধাৰক আৰু বাহক। ভাৰতবৰ্ষত বসবাস কৰে প্ৰতিজন ভাৰতীয়ই যি ভাৰতীয়ত্বক লৈ গৌৰৱ বোধ কৰে সেই সকলো জনগণে হিন্দু। সৰসংঘচালক ডা: মোহন ভাগৱতে পঞ্চ পৰিবৰ্তনৰ মূল বিষয় সামাজিক সমৰসতা, কুটুম্ব প্ৰবোধন, নাগৰিক কৰ্তব্য, স্বদেশী আৰু আত্ম নিৰ্ভৰশীলতা, পৰ্যাবৰণ সংৰক্ষণ এই আটাইকেইটা বিষয়ৰ ওপৰত তেখেতে বক্তব্য প্ৰদান কৰে। বিশেষকৈ পঞ্চ পৰিবৰ্তনত এক বিষয় কুটুম্ব প্ৰবোধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাখ্যা আগবঢ়াই যে প্ৰতিটো ভাৰতৰ পৰিয়ালে নিজৰ পূৰ্বপুৰুষৰ ঐতিহ্যময় গাথা স্মৰণ কৰিব লাগে তথা পৰিয়ালৰ নতুন প্ৰজন্মক নিজ সমাজ তথা দেশৰ প্ৰতি কৰ্তব্যবোধৰ গুৰুত্বৰ ওপৰত দিশ দৰ্শন কৰিব লাগে।

সভাত উপস্থিত পাঁচ শতাধিক প্ৰবুদ্ধ নাগৰিক উপস্হিত থকা কাৰ্যক্ৰমত উপস্হিত বিভিন্ন প্ৰশ্নৰ উত্তৰত ভাগৱতে ভাৰতৰ স্বাধীনতা আন্দোলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অৱদান সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰে। তেওঁ পুনৰ উল্লেখ কৰে ডাঃ হেডগেৱাৰে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাস খাটিছিল। অনুৰূপ ধৰণে ৰাষ্ট্ৰৰ বহুতো অসংখ্য স্বয়ংসেৱকে দেশৰ বিভিন্ন প্ৰান্তত স্বাধীনতা আন্দোলনৰ প্ৰতিটো ঐতিহাসিক মূহুৰ্তত নিজ নিজ ত্যাগ আৰু বলিদানেৰে মাতৃভূমিক সমৃদ্ধ কৰিছিল। 

তেওঁৰ মতে ভাৰত তথা উত্তৰপূৱৰ বৈচিত্ৰতা আমাৰ একাত্মতাৰ প্ৰতিফলন সেইবাবে লাচিত বৰফুকন তথা শংকৰদেৱ সমগ্ৰ এইখিনিতে তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মই নিজৰ আদৰ্শ হিচাপে ঐতিহাসিক চৰিত্ৰ যেনে লাচিত বৰফুকন নতুবা মহাপুৰুষ শংকৰদেৱ অনুকৰণ কৰিব পাৰি। বাবে এক আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰে ।  

তদুপৰি অসমত চলি অহা অবৈধ অনুপ্ৰৱেশৰ বিষয়ৰ ওপৰত তেওঁ চিন্তা ব্যক্ত কৰি এই ক্ষেত্ৰত সমাজ তথা চৰকাৰৰ গুৰুত্ব সম্পৰ্কে মত পোষন কৰে। তদুপৰি অসমত জনগাঁথনিৰ যি পৰিবৰ্তন যি ঘটিছে সেই ক্ষেত্ৰতো তেখেতে হিন্দু সমাজৰ ক্ষেত্ৰত তিনি সন্তানৰ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

WhatsApp Image 2025-11-18 at 7.40.16 PM

তেওঁ পুনৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ দিশত কিছু সীমাবদ্ধতাৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়ায়। তদুপৰি  অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধৰ্মান্তৰকৰণৰ বিষয়ত ৰাইজক সজাগ হবলৈ আহ্বান জনায়। শেষত উপস্থিত থকা সমূহ প্ৰমুখ নাগৰিকৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে যাতে একাত্মবোধেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিজ নিজ অৱদান আগবঢ়াই সেই ক্ষেত্ৰত তেখেতে এক গুৰুত্বপূৰ্ণ আহ্বান আটাইকে জনায়।

উল্লেখ্য, আজিৰ বৌদ্ধিক  কাৰ্যক্ৰমত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, মালিক,  উদ্যোগপতি , সাংস্কৃতিক শিল্পী, চিকিৎসক, অধিবক্তা, সেনা বিষয়াকে  ধৰি পাঁচ শতাধিকলোক উপস্থিত থাকে ৷

অনুৰূপধৰণে কাইলৈ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ'ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি , অধিবক্তা, চিকিৎসক, সাংস্কৃতিক শিল্পী আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডা: মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্হিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ'ব ৷

মোহন ভাগৱত