ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেন্দ্ৰত শাসনাধিস্থ বিজেপি চৰকাৰ ৰিম'ট কণ্ট্ৰোল নহয়। আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱতে কৈছে এইদৰে।ভাগতৰ মতে যদিও ভাৰত বিশ্ব শক্তি নহয়, তথাপিও কোৰোনা মহামাৰীৰ পিছৰ যুগত ভাৰত বিশ্ব গুৰু হোৱাটো নিশ্চিত।
হিমাচল প্ৰদেশৰ ধৰ্মশালাত প্ৰাক্তন সৈনিকসকলক সম্বোধন কৰি ভাগৱতে কয়, সংবাদ মাধ্যমে আমাক চৰকাৰৰ ৰিম'ট কণ্ট্ৰোল বুলি উল্লেখ কৰে, কিন্তু এয়া অসত্য। অৱশ্যে, আমাৰ কিছুমান স্বেচ্ছাসেৱক নিশ্চিতভাৱে চৰকাৰৰ অংশ। চৰকাৰে আমাৰ স্বেচ্ছাসেৱকসকলক কোনো আশ্বাস নিদিয়ে। মানুহে আমাক প্ৰশ্ন কৰে যে আমি চৰকাৰৰ পৰা কি পাওঁ। তেওঁলোকৰ প্ৰতি মোৰ উত্তৰ হৈছে যে আমাৰ ওচৰত যি আছে সেয়াও আমি হেৰুৱাব লগীয়া হ'ব পাৰে।
চিকিৎসাৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতীয় পদ্ধতিৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বিশ্বই এতিয়া ভাৰতৰ ফালে লক্ষ্য কৰিছে। ভাৰতৰ আৰ্হিক অনুকৰণ কৰিছে। শেহতীয়াকৈ তামিলনাডুৰ কুন্নুৰৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা চিডিএছ বিপিন ৰাৱাট আৰু আন ১৩ জনৰ স্মৃতিত আৰ এছ এছৰ মুৰব্বীয়ে এক মিনিট সময় মৌনতা পালন কৰে।
তেওঁ একতাৰ আহ্বান জনাই কয় যে ভাৰতৰ অবিভক্ত ভূমিয়ে বহু শতাব্দী ধৰি বিদেশী আক্ৰমণকাৰীৰ সৈতে বহুতো যুদ্ধত পৰাজিত হৈছিল কাৰণ স্থানীয় লোকসকল একত্ৰিত হোৱা নাছিল। সমাজ সংস্কাৰক ড০ বি আৰ আম্বেদকাৰৰ উদ্ধৃতি দি তেওঁ কয়, "আমি কেতিয়াও কাৰো শক্তিৰ দ্বাৰা পৰাজিত নহয়, কিন্তু আমাৰ দুৰ্বলতাৰ দ্বাৰা পৰাজিত হওঁ।
ভাগৱতে কয়, সকলো ভাৰতীয়ৰ ডি এন এ একেই। তেওঁ কয়, "৪০,০০০ বছৰ আগৰ পৰাই ভাৰতৰ সকলো লোকৰ ডি এন এ সেই একেই যি আজিৰ আজিৰ জনসাধাৰণৰ জি এন এ। আমাৰ সকলোৰে একেই পূৰ্বপুৰুষ । সেই পূৰ্বপুৰুষসকলৰ বাবে, আমাৰ দেশ খন বিকশিত হৈছিল, আমাৰ সংস্কৃতি ৰৈ গৈছিল। উল্লেখ্য যে ভাগৱতে ৫ দিনীয়া ভ্ৰমণ সূচীৰে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিছে। ইয়াত তেওঁ তীব্বতীয় ধৰ্মগুৰু দালাই লামাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
#WATCH | For over 40,000 years DNA of all people in India has been the same…I am not faffing," said RSS chief Mohan Bhagwat at an event in Dharamshala, Himachal Pradesh (18.12) pic.twitter.com/cAtY12oe5i
— ANI (@ANI) December 19, 2021