লাজ নোহোৱা পাকিস্তানৰ নিলৰ্জ্জ কাণ্ড! টীম ইণ্ডিয়াৰ অধিনায়কক 'গাহৰি ' আখ্যা...

এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ মুখ দেখাৰ লগতে ভাৰতীয় দলৰ ব্যৱহাৰক লৈ পাকিস্তানৰ অৱস্থা এতিয়া কাহিল। কি কৰো, কি নকৰো অৱস্থা হৈছে পাকিস্তানৰ। একোফালে বলে নোৱাৰি অৱশেষত ব্যক্তিগত আক্ৰমণত নামি পৰিল পাকিস্তানী। 

author-image
Asomiya Pratidin
New Update
pakkk

ডিজিটেল ডেস্কঃ এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ মুখ দেখাৰ লগতে ভাৰতীয় দলৰ ব্যৱহাৰক লৈ পাকিস্তানৰ অৱস্থা এতিয়া কাহিল। কি কৰো, কি নকৰো অৱস্থা হৈছে পাকিস্তানৰ। একোফালে বলে নোৱাৰি অৱশেষত ব্যক্তিগত আক্ৰমণত নামি পৰিল পাকিস্তানী। 

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ ইউচুফে এটা টিভি চেনেলৰ পোনপতীয়া সম্প্ৰচাৰৰ মাজতে ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱক গাহৰি আখ্যা দিয়ে। শালীনতাৰ সকলো সীমা অতিক্ৰম কৰা প্ৰাক্তন এই পাকিস্তানী খেলুৱৈগৰাকীৰ বক্তব্যক লৈ এতিয়া জ্বলি আছে ভাৰতীয় ক্ৰিকেট অনুৰাগী সকলষ

উল্লেখ কৰা প্ৰয়োজন যে, উক্ত অনুষ্ঠানত মহম্মদ ইউচুফে বাৰে বাৰে সূৰ্য কুমাৰ যাদৱক 'ছুৱৰ কুমাৰ যাদৱ' বুলি কয়। পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ এই বক্তব্যক লৈ বি চি চি আইৰ ভিতৰ মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

 এছিয়া কাপ ২০২৫ ৰ আয়োজক ভাৰত । কিন্তু পাকিস্তান ভাৰতলৈ নহাৰ বাবে এই টুৰ্ণামেণ্ট ইউএই লৈ শ্বিফ্ট কৰা হৈছিল। এইবাৰ টুৰ্ণামেণ্টত ভাৰত, পাকিস্তান, শ্ৰীলংকা আৰু বাংলাদেশসহ প্ৰায় ৮ টা দলে অংশগ্ৰহণ কৰিছে । এছিয়া কাপৰ ইতিহাসত বৰ্তমানলৈকে ভাৰতে ৮, শ্ৰীলংকাই ৬ আৰু পাকিস্তানে ২ বাৰ খিতাপ অৰ্জন কৰিছে ।

ভাৰত-পাকিস্তান