/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-16-32-34.jpeg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী মহম্মদ আলী জিন্নাহৰ ১৪৯ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছে চুবুৰীয়া দেশখনত। পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ লগতে আন কেইবাজনো বিশিষ্ট নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী জিন্নাহক শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰে কেতবোৰ অনুষ্ঠানৰ।
উল্লেখযোগ্য যে, জিন্নাহ আছিল এনে এজন নেতা, যিয়ে ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ দাবী কৰিছিল আৰু তেওঁৰ এই দাবী সময়ত সফল হৈছিল। ১৮৭৬ চনৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল মহম্মদ আলী জিন্নাহে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/5b63a60a-8bb2-4ba7-89d0-d614ecbf732c-2025-12-27-16-33-51.jpeg)
এইগৰাকী ব্যক্তিৰ বিষয়ে শেহতীয়াকৈ বিভিন্ন মাধ্যমত ৰাজহুৱা হৈছে এক আচৰিত খবৰ। জিন্নাহ প্ৰকৃততে আছিল হেনো হিন্দু সম্প্ৰদায়ৰ লোক। তেওঁ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা বুলি সম্প্ৰতি ভিন্ন মাধ্যমত চৰ্চা হৈছে।
অৱশ্যে ই কিমান দূৰ সঁচা, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। চলি থকা চৰ্চা অনুসৰি, মহম্মদ আলী জিন্নাহৰ ককাক প্ৰেমজীবাই ঠাক্কৰ এজন হিন্দু লোহানা সম্প্ৰদায়ৰ ব্যক্তি আছিল। তেওঁ গুজৰাটৰ পানেলী গাঁৱৰ বাসিন্দা আছিল।
ককাক ঠাক্কৰে মাছৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল। সেই সময়ত তেওঁ মাছৰ ব্যৱসায় কৰাৰ বাবে হিন্দু লোহানা সমাজে তেওঁলোকক একাষৰীয়া কৰিছিল। কিন্তু এই সকলোবোৰ পৰিহাৰ কৰি তেওঁ পুনৰ লোহানা সমাজলৈ ওভতি আহিব বিচৰাত বাধা প্ৰদান কৰা হৈছিল তেওঁক ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/00f58517-798d-43ce-8d4e-afce5f5c26b8-2025-12-27-16-33-30.jpeg)
এই কথাত অপমানিত হৈ মহম্মদ আলী জিন্নাহৰ পিতৃ পুঞ্জালাল ঠাক্কৰে ক্ষোভত সমগ্ৰ পৰিয়ালসহ তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোক গুজৰাটৰ পৰা কৰাচীলৈ স্থানান্তৰিত হৈছিল। ইপিনে ধৰ্মান্তৰিত হোৱাৰ পাছতে তেওঁৰ পিতৃয়ে মছজিদত গৈ চাৰিজন পুত্ৰৰ নাম সলনি কৰিছিল আৰু তাৰ মাজৰ এজন আছিল মহম্মদ আলী জিন্নাহ।
প্ৰণিধানযোগ্য যে, জিন্নাহে প্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। লগতে তেওঁ হিন্দু-মুছলমান একতাৰ এজন শক্তিশালী সমৰ্থক আছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজনৈতিক মতভেদৰ বাবে তেওঁ মুছলিম লীগত যোগদান কৰে আৰু ধৰ্মৰ ভিত্তিত পৃথক ৰাষ্ট্ৰ পাকিস্তানৰ দাবী উত্থাপন কৰে। ইপিনে ১৯৪৭ চনত তেওঁৰ নেতৃত্বতে ভাৰতৰ পৰা দ্বি-খণ্ডিত হৈ পাকিস্তান গঠন হয় আৰু দেশখনৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ( প্ৰাক্তন প্ৰধানমন্ত্ৰী ) হিচাপে মহম্মদ আলী জিন্নাহে কাৰ্যনিৰ্বাহ কৰিছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/27/5b0f2c97-e06f-463d-8753-15a1786a76f7-2025-12-27-16-34-12.jpeg)
আনপিনে মহম্মদ আলী জিন্নাহৰ ১৪৯ সংখ্যক জন্ম বাৰ্ষিকীৰ এই ক্ষণত তেওঁৰ পাৰিবাৰিক ইতিহাসৰ এই তথ্য পোহৰলৈ অহাত পুনৰবাৰ ইতিহাসবিদসকলৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে। এজন হিন্দু পূৰ্বপুৰুষৰ উত্তৰসূৰী হৈও কেনেকৈ তেওঁ ইতিহাসৰ গতিপথ সলাই এখন সম্পূৰ্ণ পৃথক ইছলামিক ৰাষ্ট্ৰৰ জন্ম দিলে, সেয়া আজিও বিশ্বৰ বাবে এক কৌতূহলৰ বিষয়...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us