Advertisment

সুকন্যা সমৃদ্ধি যোজনা: মাহে বিনিয়োগ কৰক ১০ হাজাৰ, ভৱিষ্যত সুৰক্ষিত হ'ব কন্যাৰ...

সুকন্যা সমৃদ্ধি যোজনা ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যা সন্তানক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে আৰম্ভ কৰিছিল।আঁচনিখন বেটি বচাও বেটি পঢ়াও অভিযানৰ অংশ, যাৰ লক্ষ্য হৈছে পিতৃ-মাতৃ বা অভিভাৱকক কন্যা সন্তানৰ খৰচ বহন কৰাত সহায় কৰা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৱপৱস

ডিজিটেল ডেস্কঃ  কন্যা সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰি ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত চেভিংছ আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা। কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই অভিলাষী আঁচনিখনৰ বিষয়ে কম-বেছি পৰিমাণে সকলোৱে জানে যদিও বিভিন্ন কাৰণত বহুতে ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বিৰত থাকে ৷

Advertisment

ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত চৰকাৰৰ দ্বাৰা পৰিচালিত সুকন্যা সমৃদ্ধি যোজনা। এই আঁচনিখন ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যা সন্তানক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে আৰম্ভ কৰিছিল। আঁচনিখন বেটি বচাও বেটি পঢ়াও অভিযানৰ অংশ, যাৰ লক্ষ্য হৈছে পিতৃ-মাতৃ বা অভিভাৱকক কন্যা সন্তানৰ খৰচ বহন কৰাত সহায় কৰা।

এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে কন্যা সন্তানৰ শিক্ষা সম্পূৰ্ণ কৰা আৰু তেওঁলোকৰ বিবাহৰ লগত জড়িত আৰ্থিক বোজা হ্ৰাস কৰা। সুকন্যা সমৃদ্ধি যোজনাই কৰ ৰেহাইৰ লগতে প্ৰত্যপৰ্ণ প্ৰদান কৰে। এই আঁচনিৰ অধীনত ১০ বছৰৰ ভিতৰৰ কন্যা শিশুৰ বাবে একাউণ্ট খুলিব পাৰিব।

বছৰি নূন্যতম ২৫০ টকাৰে সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট খুলিব পাৰিব ৷ অৰ্থাৎ প্ৰতিমাহে মাত্ৰ প্ৰায় ২১ টকা সঞ্চয় কৰি আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব ৷ আনহাতে এই আঁচনিত বছৰি নিম্নতম ২৫০ টকাৰ পৰা সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব ৷ এই আঁচনিত ১৫ বছৰলৈ বিনিয়োগ কৰিব লাগে ৷ ইয়াৰ পিচত ২১ বছৰলৈ ইয়াত সুদ জমা হয় ৷

কেন্দ্ৰীয় চৰকাৰৰ ডাকঘৰসমূহে আগবঢ়োৱা সকলো আঁচনিৰ ভিতৰত সুকন্যা সমৃদ্ধি যোজনা একাউণ্টে সৰ্বাধিক সুত প্ৰদান কৰে ৷ এই আঁচনিখনত কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকক ৮.২০ শতাংশ সুতৰ হাৰ প্ৰদান কৰে ৷ পূৰ্বে এই আঁচনিৰ সুতৰ হাৰ ৮ শতাংশ আছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ সুতৰ হাৰ ০.২০ শতাংশ বৃদ্ধি কৰি গ্ৰাহকক ৮.২০ শতাংশ সুত আগবঢ়াইছে ৷

সুকন্যা সমৃদ্ধি যোজনাৰ এক্যাউন্টৰ বাবে তলত উল্লেখিত নথিপত্ৰ প্ৰয়োজন।
১. সুকন্যা সমৃদ্ধি এক্যাউন্ট খোলাৰ আবেদন পত্ৰ।
২. কন্যা সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ।
৩. পৰিচয় প্ৰমাণ (আৰ বি আইৰ, কে ৱাই চি নিৰ্দেশনা অনুসৰি) ।
৪. আবাস প্ৰমাণ  (আৰ বি আইৰ, কে ৱাই চি নিৰ্দেশনা অনুসৰি) ।

উল্লেখ কৰা প্ৰয়োজন যে, বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা সময়ে সময়ে নিয়মিত হৈ থকা আকৰ্ষণীয় সুদৰ হাৰ এক্যাউন্টধাৰীয়ে লাভ কৰে। এটা বিত্তীয় বৰ্ষত নূন্যতম ১০০০ আৰু অধিকতম ১.৫ লাখ বিনিয়োগ কৰিব পাৰি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৮ বছৰ বয়সত, জমা ধনৰ ৫০ শতাংশ প্ৰত্যাহাৰ কৰিবলৈ এক্যাউন্টৰ অনুমতি প্ৰদান কৰা হয়।

ইয়াৰোপৰি ২১ বছৰ বয়সত এক্যাউন্টটো পৈণত অৱস্থা প্ৰাপ্ত হয়। যদি এক্যাউন্টটো বন্ধ কৰা নহয় তেন্তে,  প্ৰচলিত নিৰিখত ঋণ উপাৰ্জন অব্যাহত থাকে। যদি কন্যাৰ বিবাহ নাইবা ১৮ বছৰ পাৰ হয়, তেনেহলে সাধাৰণ অবসানৰ সন্মতি প্ৰদান কৰা হয়।

সুকন্যা সমৃদ্ধি যোজনা