ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ ভাৰতত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। চেন্নাইত আহি উপস্থিত হোৱাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰসংঘৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ অৰ্জুনৰ তপস্যাৰস্থলী চাবলৈ যায় ৰাষ্ট্ৰপতিগৰাকী। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে দুয়োগৰাকী নেতা কথাত মগ্ন থকাৰ সময়তে সংঘটিত এক ঘটনাই সকলোৰে চকু কপাঁলত তুলিছে। এক ভয়ংকৰ অঘটনৰ পৰা কোনোমতেহে ৰক্ষা পৰিল দুয়োগৰাকী নেতা।
চীনৰ ৰাষ্ট্ৰপতিগৰাকীক অৰ্জুনৰ তপস্যাৰস্থলীৰ বিষয়ে প্ৰধানমন্ত্ৰী মোডীয়ে বুজাই থকাৰ সময়তে হঠাৎ সেই স্থানেৰে পাৰ হৈ যায় এটা কুকুৰ। কেমেৰাত আবদ্ধ হৈছে পাৰ হৈ যোৱা কুকুৰটোৰ দৃশ্য। তাৰ পিছতে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' আৰু প্ৰতিজন লোকে প্ৰশ্নৰ উত্থাপন কৰিছে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত কেনেদৰে কুকুৰটোৱে দিবলৈ পালে চফৰ। উল্লেখ্য যে, মহাভাৰতত পাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ সৈতে সম্বন্ধ আছে কুকুৰৰ। কাৰণ যুধিষ্ঠিৰে স্বৰ্গ যাত্ৰা কৰাৰ সময়তে স্বয়ং যমৰাজে কুকুৰৰ বেশ ধৰি তেওঁক পথ দেখুৱাইছিল। আজিও তৃতীয় পাণ্ডৱ তথা গাণ্ডীৱধাৰী অৰ্জুনৰ বিৰত্তৰ বৰ্ণনা দি থকাৰ সময়তে পাৰ হৈ যোৱা ক'লা কুকুৰটোক লৈ সেয়া যমৰাজৰ তাৎক্ষণিক দৰ্শন বুলি কোনো কোনোৱে টিপ্পনী দিছে।
চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি মামাল্লাপুৰমৰ সকলো কুকুৰ অন্যান্য স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে এক নিৰ্দেশ দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা। কিন্তু কিছু কিছু লোকে সেই নিৰ্দেশ অমান্য কৰিছিল। যাৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
ইফালে বিগত কিছু দিন ধৰি মামাল্লাপুৰমৰ পৰা কুকুৰ সন্ধানহীন হোৱাৰ প্ৰসংগত গোচৰ লাভ কৰা বুলি ব্লু ক্ৰছ অৱ ইণ্ডিয়াই জানিবলৈ দিছে। চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অৰ্জুনৰ তপস্যাস্থলীৰ সমান্তৰালকৈ শুকুৰবাৰে ভ্ৰমণ কৰে আন কেবাটাও ঐতিহাসিক কীৰ্তিচিহ্ন তথা স্থান।