কান্ধত গামোছা লৈ ঝাৰখণ্ডত যোগাসনত বহিল প্ৰধানমন্ত্ৰী মোডী

কান্ধত গামোছা লৈ ঝাৰখণ্ডত যোগাসনত বহিল প্ৰধানমন্ত্ৰী মোডী

author-image
asomiyapratidin
New Update
কান্ধত গামোছা লৈ ঝাৰখণ্ডত যোগাসনত বহিল প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় যোগ দিৱসত পুনৰ চৰ্চালৈ আহিছে গামোছা। এইবাৰো ৰাঁচীৰ যোগ দিৱসৰ অনুষ্ঠানত অংশ লৈছিল ডিঙিত গামোছা লৈ প্ৰধানমন্ত্ৰীয়ে। মোডীয়ে কান্ধত গামোছা লৈয়ে কেইবাটাও যোগাসন কৰে। উল্লেখযোগ্য যে, অসমীয়া গামোছা ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে যোগাসনৰ সময়ত ডিঙিত লৈ আছিল।

যোৱা নিৰ্বাচনৰ পূৰ্বে অক্ষয় কুমাৰক দিয়া এক সাক্ষাৎকাৰতো প্ৰধানমন্ত্ৰী মোডীয়ে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোছাখন তেওঁৰ কিমান আপোন সেই সন্দৰ্ভত মন্তব্য কৰিছিল। ভৰিৰ বিষ হ'লে এই গামোছাৰে তেওঁ ভৰি বান্ধি এডাল সৰু লাঠিৰে পকাই পকাই ভৰি মালিছ কৰাৰ কথা উল্লেখ কৰিছিল।

প্ৰধানমন্ত্ৰী মোডীয়ে আন্তৰাষ্ট্ৰীয় যোগ দিৱসত অংশ লৈ কয় যে- 'যোগ কেৱল শৰীৰৰ বাবেই নহয়, যোগ লাগে মন আৰু আত্মাৰ বাবে। যোগ সাধনাৰ ফলত মন সুস্থ হয়। যাৰ বাবে ঋণাত্মক চিন্তাই মগজুত ক্ৰিয়া কৰিব নোৱাৰে।'

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰুসজাইত যোগ দিৱসত অংশ লয়। এই যোগ দিৱসত অংশ লওতে মুখ্যমন্ত্ৰীৰ কান্ধতো দেখা পোৱা গ'ল এখন গামোছা।