দীপাৱলীৰ পূৰ্বে জিএছটি সংস্কাৰ ৰূপায়ণৰ বাবে ৰাজ্যসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঘোষণা কৰে যে, কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰৰ খচৰা ৰাজ্যসমূহৰ মাজত প্ৰচাৰ কৰিছে। দীপাৱলীৰ পূৰ্বে এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্যক সহযোগিতাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
czxz

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঘোষণা কৰে যে, কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰৰ খচৰা ৰাজ্যসমূহৰ মাজত প্ৰচাৰ কৰিছে। দীপাৱলীৰ পূৰ্বে এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ সকলো ৰাজ্যক সহযোগিতাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, "আমাৰ বাবে সংস্কাৰে সুশাসনৰ উন্নতিৰ সূচনা কৰে, যাৰ বাবে আমি নিৰন্তৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিওঁ। অদূৰ ভৱিষ্যতে আমি জীৱন আৰু ব্যৱসায়িক কাৰ্য্যকলাপ মসৃণ আৰু অধিক সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে সংস্কাৰ ৰূপায়ণ কৰিবলৈ সাজু হৈছো।"

Advertisment

প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন উপলক্ষে এক অনুষ্ঠানত ভাষণ প্ৰসংগত উল্লেখ কৰে যে, "এই জিএছটি সংস্কাৰে দৰিদ্ৰ, মধ্যবিত্ত, ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ীসকল একেদৰে উপকৃত হ’ব। এই দীপাৱলীত এই জিএছটি সংস্কাৰে জনসাধাৰণৰ বাবে দুগুণ বোনাছ কঢ়িয়াই আনিব, তেওঁলোকৰ উদযাপন বৃদ্ধি কৰিব" বুলিও উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে।

উল্লেখযোগ্য যে, মোদীয়ে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ ভাষণত লালকিল্লাৰ প্ৰাচীৰৰ পৰা জি এছ টি আইন সংস্কাৰৰ প্ৰস্তাৱ ঘোষণা কৰিছিল। কেন্দ্ৰই আশা প্ৰকাশ কৰিছে যে, সকলো ৰাজ্য এই পদক্ষেপত সহমত হব আৰু দীপাৱলীৰ পূৰ্বেই সংস্কাৰ সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’ব।

জিএছটি