/asomiyapratidin/media/media_files/2026/03/02/new-ap-web-11-2026-03-02-12-44-40.jpg)
ডিজিটেল ডেস্কঃ ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে দেওবাৰে নিশা মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক। বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ৷
উল্লেখ্য যে, ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে হোৱা কথা-বতৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত পোষ্ট কৰি কয় যে- "মই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনযোগে কথা পাতিছো আৰু অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছো ৷ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰি সাধাৰণ নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান বাবে মই কথা পাতিছো। লগতে যুদ্ধ অন্ত পেলাবলৈ অনুৰোধ কৰিছো।
ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যৌথ বিমান আক্ৰমণৰ পাছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ভূ-ৰাজনৈতিক অনিশ্চয়তা বৃদ্ধি পোৱাৰ উপৰি বিশ্বৰ নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই কথা-বতৰা হয় ৷ ভাৰতে অঞ্চলটোত স্থিতিশীলতা পুনৰ ঘূৰাই অনাৰ বাবে সংযম, আলোচনা, কূটনীতিৰ বাবে ধাৰাবাহিকভাৱে আহ্বান জনাই আহিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us