মোডীৰ গীতত যুৱতীৰ গৰবা নৃত্য, চাওঁক VIDEO

মোডীৰ গীতত যুৱতীৰ গৰবা নৃত্য, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰতে দক্ষ নহয়, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰীজনৰ আছে এক সুকীয়া পৰিচয়। এইবাৰ প্ৰধানমন্ত্ৰীজনে লিখা এটা গানে সমগ্র দেশতে চর্চা লাভ কৰিছে। গুজৰাটী ভাষাত প্ৰধানমন্ত্ৰীজনে লিখা গীতটোত কেইগৰাকীমান বিশেষভাৱে সক্ষম যুৱতীৰ নৃত্যৰ এটা ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল  মিডিয়াত।

গীতটোৰ জৰিয়তে বিশেষভাৱে সক্ষম যুৱতী কেইগৰাকীয়ে নিজ প্ৰতিভা বিকাশৰ এক থল লাভ কৰিছে বুলি মন্তব্য বহুলোকৰ। যুৱতী কেইগৰাকীয়েও নিজ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে গীতটোৰ জৰিয়তে। গৰবা আৰু দাণ্ডিয়া নৃত্যৰ সমাজত এক বিশেষ স্থান আছে। দুৰ্গাপূজাৰ সময়তো এই নৃত্য বহু ঠাইত আয়োজন কৰা হয়।

প্ৰধানমন্ত্ৰীজনে লিখা এটা গীতত যুৱতীকেইগৰাকীৰ এই নৃত্যই বৰ্তমান বহুলোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। চাওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা গীতটোত যুৱতী কেইগৰাকীৰ নৃত্যৰ দৃশ্যাংশ-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in