/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/g81992cu/AP-FOR-WEB-modi-1.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্যে আজি ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। ৰাছিয়াৰ কাজান চহৰত ২২ ৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব মোডীয়ে। এই সন্মিলনৰ মূল কেন্দ্ৰবিন্দু হ’ব এছিয়াৰ দুখন শক্তিশালী দেশৰ বৈঠক। ভ্ৰমণকালত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী।
উল্লেখ্য যে,এই সন্মিলনৰ প্ৰথম দিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। চলিত বৰ্ষত মোডীৰ এয়া দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ। ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে জুলাইত মস্কো ভ্ৰমণ কৰিছিল মোডীয়ে।
কাজানত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলন সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে, সন্মিলনৰ কাৰ্যসূচীত সন্নিবিষ্ট আছে- অৰ্থনৈতিক সহযোগিতাৰ অধিক সম্প্ৰসাৰণ,ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্য নিষ্পত্তি, বহনক্ষম উন্নয়ন আদি। ইয়াৰোপৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ 'LiFE mission', পৰৱৰ্তী ডিজিটেল অন্তৰ্ভুক্তিৰ দিশত কাম কৰা, সমাজৰ প্ৰান্তিক শ্ৰেণীসমূহৰ বিত্তীয় অন্তৰ্ভুক্তি আৰু কিছুমান সফলতা।
Also Read: উত্তৰ- পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতি সন্দৰ্ভত নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক