সন্মান,পাৰস্পৰিক বিশ্ৱাস,সংবেদনশীলতা, তিনি মন্ত্ৰক সাৰোগত কৰি আগবাঢ়িব ভাৰত-চীনঃ প্ৰধানমন্ত্ৰী

২০২০ চনৰ জুনত গলবান উপত্যকাত ভাৰতীয় আৰু চীনৰ সেনাৰ মাজৰ সংঘর্ষক লৈ সৃষ্টি হোৱা উত্তেজনামূলক পৰিস্থিতিৰ পাছত বিগত মাহ কেইটাত দুয়োখন দেশে সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে চীনৰ তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ পূর্ণাংগ সত্রত ভাষণ দিব। বিদেশ সচিব বিক্রম মিশ্রিয়ে তিয়ানজিনৰ সংবাদদাতাক জনোৱা মতে, শ্রী মোডীয়ে তেওঁৰ ভাষণত আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সন্দর্ভত বক্তব্য আগবঢ়াব।

 ইয়াৰ পাছত তেওঁ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ইয়াৰ পূর্বে কালি প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু চীনৰ ৰাষ্ট্রপতি শ্বী ঝিনপিঙে ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পর্ক পুনৰ গঢ়ি তোলাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়।

এই বৈঠকত প্রধানমন্ত্রী মোডীয়ে দ্বিপাক্ষিক সম্পর্ক অটুট ৰখাৰ বাবে দুয়োখন দেশৰ মাজৰ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাবস্থা বাহাল ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সীমান্তত শান্তি আৰু স্থিৰতা বজাই ৰখাতো ভাৰত-চীন সম্পর্কৰ বাবে এটা বীমা নীতিৰ দৰে বুলি প্রধানমন্ত্রীয়ে চীনৰ ৰাষ্ট্রপতিগৰাকীক স্পষ্ট কৰি দিয়ে।

 বিদেশ সচিব শ্রীমিশ্রিয়ে কয়, যে ২০২০ চনৰ জুনত গলবান উপত্যকাত ভাৰতীয় আৰু চীনৰ সেনাৰ মাজৰ সংঘর্ষক লৈ সৃষ্টি হোৱা উত্তেজনামূলক পৰিস্থিতিৰ পাছত বিগত মাহ কেইটাত দুয়োখন দেশে সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে।

শ্বী বিনপিঙৰ সৈতে হোৱা এই আলোচনাত শ্রীমোডীয়ে সীমান্তৰ ইপাৰৰ সন্ত্রাসবাদৰ প্রত্যাহ্বানৰ কথা উল্লেখ কৰি ইয়াক প্রতিহত কৰাৰ বাবে পাৰস্পৰিক সমর্থন আৰু সহযোগিতাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু চীনৰ মাজত থকা মতভেদসমূহ বিবাদত পৰিণত হোৱা উচিত নহয় বুলি দোহাৰে।

তেওঁলোকে লগতে চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ বিশেষ প্রতিনিধিৰ আলোচনাৰ অন্তত লোবা গুৰুত্বপূর্ণ সিদ্ধান্তত সহমত প্রকাশ কৰি এই ক্ষেত্রত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই কৈলাশ-মানসৰোবৰ যাত্রা পুনৰ আৰম্ভ কৰা আৰু এই ক্ষেত্রত পর্যটক ভিছাৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

উল্লেযোগ্য যে, তেওঁলোকে লগতে দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় আৰু প্রত্যাহ্বানসমূহ বিশেষকৈ সন্ত্রাসবাদ আৰু মুক্ত বাণিজ্যৰ ক্ষেত্রত বহুপাক্ষিক মঞ্চৰ প্রয়োজনীয়তাৰ ওপৰতো গুরুত্ব আৰোপ কৰো।

চীন-ভাৰত সম্পৰ্ক চীন