/asomiyapratidin/media/media_files/2025/09/22/fgfgfgg-2025-09-22-14-36-58.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এদিনীয়া বিশেষ কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে৷ পুৱা এঘাৰ বজাত বিশেষ বিমান যোগে ইটানগৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় আই জি পাৰ্কত ব্যৱসায়ীৰ লগত বাৰ্তালাপ কৰি জি এছ টি সংস্কাৰ পাছত ফলপ্ৰসূতাৰ বুজ লয় ৷
ইয়াৰ পাছতে আই জি পাৰ্কৰ জনসভাত ভাগ লৈ ৫১২৫'৩৮ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ ভিতৰত আছে প্ৰায় তিনিহাজাৰ কোটি টকাৰে চি য়ামি জিলাত নীকোৰ দ্বাৰা স্থাপন কৰিবলৈ লোৱা টাট’১ (১৮৬ মেগাৱাট )আৰু হেঅ’(২৪০)মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ লগতে আন দহ টা সৰু জলবিদ্যুৎ প্ৰকল্প। ইয়াৰোপৰি টাৱাঙত আন্তঃৰাষ্ট্ৰীয় বৃহৎ আলোচনা গৃহ নিৰ্মাণ প্ৰকল্পও অন্তৰ্ভুক্ত হৈ আছে৷