/asomiyapratidin/media/media_files/2025/08/21/asia-cup-cricket-2025-08-21-19-16-02.jpeg)
ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান দিনৰ পূৰ্বে ‘ৱ’ৰ্ল্ড চেম্পিয়নশ্বীপ অফ লিজেণ্ডছ-২০২৫’ ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিযোগিতাৰ পৰা নিজেই নাম প্ৰত্যাহাৰ কৰিছিল। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰসকলে দেশ প্ৰথম বুলি উল্লেখেৰে এইদৰে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানক খেল পথাৰত বৰ্জন কৰি নিদৰ্শন দাঙি ধৰিছিল।
পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ হিচাপে প্ৰাক্তন ক্ৰিকেটাৰসকলে খেল পথাৰত যি নিদৰ্শন দেখুৱালে সেই নিদৰ্শনে দেশবাসীক গৌৰৱাম্বিত কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে আজি তাৰ সম্পূৰ্ণ বিপৰীত এক সিদ্ধান্তহে ঘোষণা কৰিলে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশখনৰ বিৰুদ্ধে ক্ৰিকেটেই নহয় বৰঞ্চ সকলো ধৰণৰ খেল খেলাৰেই অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতক কোনো দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ অনুমতি নিদিয়াৰ কথা উল্লেখ কৰিছে যদিও বহু দেশীয় প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈক খেলাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ পিছতেই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণ আৰু তাৰ পিছৰ অপাৰেচন সিন্দূৰৰ সময়ত ভাৰত-পাকিস্তানৰ সংঘাতময় পৰিস্থিতিত পাকিস্তানৰ বিৰুদ্ধে ভাৰতত জাগৰণ সৃ্ষ্টি হৈছিল। পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক শেষ কাৰৰ দাবী উত্থাপন হৈছিল। দুয়োখন দেশৰ মাজত যাতে ক্ৰিকেট মেচো নহয় সেয়াও নিশ্চিত কৰিবলৈ দাবী উত্থাপন হৈছিল।
আনকি এই বিষয়টোৱে সংসদৰ মজিয়াতো স্থান লাভ কৰিছিল। আছাদ্দুদিন ওৱেইছিৰ দৰে নেতাই ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট মেচ কিদৰে সম্ভৱ বুলিও প্ৰশ্ন তুলিছিল। তাৰ পিছতো এতিয়া ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈক খেলাৰ অনুমতি প্ৰদান কৰিলে।
অপাৰেচন সিন্দূৰৰ সময়ত হঠাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি ঘোষণা কৰাৰ সময়ত যিদৰে দেশবাসীৰ চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰকাশ পাইছিল ঠিক সেইদৰেই এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতক খেলাৰ অনুমতি প্ৰদান কৰা কাৰ্যয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, অহা ৯ ছেপ্তেম্বৰৰ পৰা আছে এছিয়া কাপ। এই প্ৰতিযোগিতাখনত ১৪ ছেপ্তম্বৰত আছে ভাৰত-পাকিস্তানৰ মেচ। এই মেচখন ভাৰতে খেলিব নে নাই তাকলৈ বিভিন্ন চৰ্চা চলি আছিল। সেই চৰ্চাৰ মাজতে আজি ভাৰত চৰকাৰে এই মেচৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।
একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে কোনো দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈয়ো বহু দেশীয় ক্ৰীড়া প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ অনুমতি প্ৰদান কৰিছে।
ইফালে অহা সপ্তাহৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ হকী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানৰ হকী দলটোক ভাৰতে ভিছা প্ৰদান কৰিব নে নাই তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈ আহিছিল।
ভাৰত চৰকাৰে শেহতীয়াকৈ এই প্ৰতিযোগিতাৰ বাবে পাকিস্তানী খেলুৱৈক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে নিৰাপত্তাজনিত কাৰণতে পাকিস্তানে তেওঁলোকৰ খেলুৱৈ ভাৰতলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
তাৰোপৰি ভাৰতত অনুষ্ঠিত হ’বলগীয়া সকলো ধৰণৰ বহু দেশীয় প্ৰতিযোগিতাত পাকিস্তানী খেলুৱৈক ভিছা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া তেনে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈক প্ৰেৰণ কৰিব নে নাই সেই সন্দৰ্ভত কোনো সিদ্ধান্ত স্পষ্টকৈ লোৱা নাই।