/asomiyapratidin/media/media_files/2025/04/06/ULdK7hjSXS88Hfjr9LUs.jpg)
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ পৰা ৩ দিনীয়া ভ্ৰমণ সামৰি উভতি অহাৰ পথত আজি পোন প্ৰথমবাৰৰ বাবে আকাশমাৰ্গৰ পৰা ৰাম সেঁতু দৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই বিষয়ে নিজে সামাজিক মাধ্যমত টুইট কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে। নিজ এক্স প্লেটফৰ্মত ৰাম সেঁতু দৰ্শনৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
তেওঁ লিখিছে যে, আজি ৰাম নৱমীৰ শুভ ক্ষণত শ্ৰীলংকাৰ পৰা উভতি আহোতে আকাশৰ পৰা ৰাম সেঁতুৰ ঐশ্বৰিক দৰ্শন পালো। ঐশ্বৰিক কাকতালীয়া কাণ্ড, ৰাম সেঁতু ভ্ৰমণৰ সময়তে অযোধ্যাত ৰাম লল্লাৰ সূৰ্য তিলক দেখাৰ সৌভাগ্যও পাইছিলো। মোৰ এয়ে প্ৰাৰ্থনা, ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকে যেন।
উল্লেখ কৰা প্ৰয়োজন যে,সোমবাৰে অযোধ্যাৰ মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানৰ পূৰ্বে ৰাম সেঁতুৰ দৰ্শন পোৱা ঘটনাক ঐশ্বৰিক সংযোগ বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।