পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

এই জঘন্য ঘটনাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে তদন্ত কৰা হ'ব। তেওঁলোকক ৰেহাই দিয়া নহ’ব! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হ’ব...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
DDDDDD

ডিজিটেল ডেস্কঃ  মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হয়।

Advertisment

নিজ সামাজিক মাধ্যমত শ্ৰী মোডীয়ে লিখে যে, জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো লগতে আহতসকলৰো আৰোগ্য কামনা কৰিছো। ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে। এই জঘন্য ঘটনাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে তদন্ত কৰা হ'ব। তেওঁলোকক ৰেহাই দিয়া নহ’ব! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হ’ব।

উল্লেখ্য যে, দক্ষিণ কাশ্মীৰ জিলাৰ পহলগামৰ বৈছাৰণ অঞ্চলত দুপৰীয়া প্ৰায় ২:৩০ বজাত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰিছিল। উক্ত ঘটনাত ২৬গৰাকী পৰ্যটক নিহত হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। ঘটনাত আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

জম্মু কাশ্মীৰ