/asomiyapratidin/media/media_files/2025/08/31/796a6f51-7c28-4e49-bf9b-0cc3a8bd780a-2025-08-31-09-18-27.jpeg)
ডিজিটেল ডেস্কঃসাত বছৰ পিছত পুনৰ চীনত উপস্থিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰম্ভ কৰা শুল্কযুদ্ধত পক্ষ বিচাৰি আজি জাপানৰ পৰা চিধাই চীন পালেগৈ মোডী। চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে টিয়ানজিনত উপস্থিত হয় মোদী।
তাত অৱতৰণ কৰাৰ পিছতে তেওঁক ভাৰতীয় নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়। ভাৰতীয় নাম সলনি কৰি ‘সচিতা’ কৰা চীনা নৃত্যশিল্পী ডু জুয়ানে কয়, "প্ৰধানমন্ত্ৰীৰ আদৰণী অনুষ্ঠানত কথক প্ৰদৰ্শন কৰাটো আমাৰ বাবে এক সন্মানৰ কথা। মই ১২ বছৰ ধৰি এই নৃত্য শিকি আহিছো।"
ইফালে, এছচিঅ’ সন্মিলনৰ অধিবেশনসমূহ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ১ ছেপ্টেম্বৰত চীন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিব প্ৰধানমন্ত্ৰী মোদী। লক্ষণীয় যে আমেৰিকাৰ ৫০ শতাংশ শুল্কই ভাৰতৰ ৰপ্তানিভিত্তিক খণ্ডসমূহক ইতিমধ্যে প্ৰভাৱিত কৰিছে। এই শুল্কই ভাৰতৰ পোছাক, বস্ত্ৰ, গহনা আৰু সামুদ্ৰিক সামগ্ৰী খণ্ডত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। একে সময়তে আমেৰিকাৰ এই 'শুল্কযুদ্ধ’ই ভাৰতত সংস্থাপনৰ ওপৰতো সৃষ্টি কৰিছে
আশংকাৰ। এনে পৰিস্থিতিত মোদীৰ ভ্ৰমণে ভাৰত-চীন বাণিজ্যিক চুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি এই
ভ্ৰমণতে দুয়োখন দেশৰ মাজত দীৰ্ঘসময় ধৰি চলি অহা সীমান্ত সংঘাতক লৈও
আলোচনা হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, মোদীৰ ভ্ৰমণে ভাৰত-চীন সম্পৰ্ক স্বাভাৱিককৰণৰ পদক্ষেপক গতি প্ৰদান কৰিব। ইয়াৰ উপৰি এই ভ্ৰমণে ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে টিয়ানজিনত উপস্থিত হয় মোডী। তাত অৱতৰণ কৰাৰ পিছতে তেওঁক ভাৰতীয় নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়।
ভাৰতীয় নাম সলনি কৰি ‘সচিতা’ কৰা চীনা নৃত্যশিল্পী ডু জুয়ানে কয়, "প্ৰধানমন্ত্ৰীৰ আদৰণী অনুষ্ঠানত কথক প্ৰদৰ্শন কৰাটো আমাৰ বাবে এক সন্মানৰ কথা। মই ১২ বছৰ ধৰি এই নৃত্য শিকি আহিছো।" কিন্তু প্ৰশ্ন উত্থাপন হয়- সীমান্তত এতিয়াও শুকুওৱা নাই ভাৰতীয় সেনাৰ তেজৰ চেকুৰা আৰু সেই সময়ত কিমান জৰুৰী আছিল মোদীৰ চীন ভ্ৰমণ? সমালোচকসকলে আঙুলিয়াই দিয়ে যে ২০২০ চনত গালৱানত ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷
আনহাতে মোদীয়ে এতিয়া চীনৰ সৈতে “বন্ধুত্বৰ হাঁহি” বিনিময় কৰি আছে। ইফালে, চীনত থকা ভাৰতীয় প্ৰবাসীসকলো প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ উৎফুল্ল হৈ পৰিছে। চাংহাইত থকা প্ৰবাসী মাক্ৰান্ত থাক্কাৰে কয়, ‘২০১৫ চনত মোদীক লগ পোৱাৰ সৌভাগ্য হৈছিল।
মোদীক পুনৰ লগ পোৱাটো আনন্দৰ কথা। ভাৰত আৰু চীন একেলগে আগবাঢ়িব পাৰে।” প্ৰণিধানযোগ্য যে চীনলৈ যোৱাৰ পূৰ্বে জাপান ভ্ৰমণ সমাপ্ত কৰি মোদীয়ে টকিঅ’ৰ পৰা লিখিছিল, “এই ভ্ৰমণে ভাৰতৰ জনসাধাৰণক উপকৃত কৰিব।” যোৱাৰ পূৰ্বে তেওঁ লগতে দাবী কৰিছিল, “বিশ্ব অৰ্থনীতিত স্থিতিশীলতা অনাৰ বাবে ভাৰত আৰু চীনৰ যৌথ ভূমিকা অতি প্ৰয়োজনীয়।’’ ইপিনে আমেৰিকাই ভাৰতৰ পৰা যোৱা সামগ্ৰীত ৫০ শতাংশ টেৰিফ কাৰ্যকৰী কৰাত দেশৰ কেইবাটাও উদ্যোগত হাহাকাৰ পৰিস্থিতি৷ প্ৰায় ১০ লাখ চাকৰি হেৰুৱাব বুলি দাবী কৰিছে বিশেষজ্ঞসকলে৷
মোদীৰ চীন ভ্ৰমণক লৈ ভাৰতৰ ব্যৱসায় ক্ষেত্ৰত যোগাত্মক হ’ব বুলি আশা কৰা হৈছে যদিও দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে হঠাতে নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণক লৈ সমালোচনাও কৰিছে৷ উল্লেখ্য যে দেওবাৰে চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
এই বৈঠকত ভাৰত-চীন অৰ্থনৈতিক সম্পৰ্কৰ পৰ্যালোচনা কৰা হ’ব বুলি সদৰী কৰিছে চৰকাৰী সূত্ৰই। চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও এক বৈঠকত মিলিত হ’ব মোদী। মন কৰিবলগীয়া যে ৰাছিয়াৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবেই ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই।
আমেৰিকাৰ অভিযোগ অনুসৰি, ভাৰতে ৰাছিয়াৰ পৰা কম দামত ক্ৰয় কৰা তেল বজাৰত অধিক দামত বিক্ৰী কৰে আৰু তাৰ পৰা অৰ্জন কৰা মুনাফাৰে ইউক্ৰেইনত শিশু হত্যা কৰে। আমেৰিকাৰ এই বিস্ফোৰক অভিযোগৰ পৰিপ্ৰেক্ষিতত চীন আৰু ৰাছিয়াৰ সৈতে মোদীৰ সৌহাৰ্দ্য বৃদ্ধিয়ে এক ট্ৰাম্পবিৰোধী ৰণনীতি প্ৰস্তুত কৰিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে বিশ্লেষকসকলে।
ইফালে, এছচিঅ’ সন্মিলনৰ অধিবেশনসমূহ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ১ ছেপ্টেম্বৰত চীন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিব প্ৰধানমন্ত্ৰী মোদী। লক্ষণীয় যে আমেৰিকাৰ ৫০ শতাংশ শুল্কই ভাৰতৰ ৰপ্তানিভিত্তিক খণ্ডসমূহক ইতিমধ্যে প্ৰভাৱিত কৰিছে। এই শুল্কই ভাৰতৰ পোছাক, বস্ত্ৰ, গহনা আৰু সামুদ্ৰিক সামগ্ৰী খণ্ডত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। একে সময়তে আমেৰিকাৰ এই 'শুল্কযুদ্ধ’ই ভাৰতত সংস্থাপনৰ ওপৰতো সৃষ্টি কৰিছেআশংকাৰ।
এনে পৰিস্থিতিত মোদীৰ ভ্ৰমণে ভাৰত-চীন বাণিজ্যিক চুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি এইভ্ৰমণতে দুয়োখন দেশৰ মাজত দীৰ্ঘসময় ধৰি চলি অহা সীমান্ত সংঘাতক লৈওআলোচনা হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, মোদীৰ ভ্ৰমণে ভাৰত-চীন সম্পৰ্ক স্বাভাৱিককৰণৰ পদক্ষেপক গতি প্ৰদান কৰিব। ইয়াৰ উপৰি এই ভ্ৰমণে ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব।