বহুকেইটা উপহাৰ লৈ মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

দুদিনীয়া কাৰ্যসূচীৰে অসম তথা উত্তৰ-পূবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় মঙলদৈত। হাজাৰ হাজাৰ লোক উপস্থিত থকা এই জনসভাত প্ৰধানমন্ত্ৰীগৰাকীক ফুলাম গামোছা, পথৰুঘাটৰ স্মাৰক আৰু ঢোলেৰে

author-image
Asomiya Pratidin
New Update
new ap web  modi 1

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে অসম তথা উত্তৰ-পূবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় মঙলদৈত। হাজাৰ হাজাৰ লোক উপস্থিত থকা এই জনসভাত প্ৰধানমন্ত্ৰীগৰাকীক ফুলাম গামোছা, পথৰুঘাটৰ স্মাৰক আৰু ঢোলেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত আদৰণি ভাষণ প্ৰদান কৰি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমাক বহুত দিছে। যাৰ বাবে তেওঁক আমি যিমান ধন্যবাদ জনাও, সিমানেই কম যেন লাগে। এইবাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিবলৈ আহিছে। অসম তথা উত্তৰ-পূবক তেওঁ দিয়া আদৰ আৰু গুৰুত্ব বাবে আমি সদায়েই কৃতজ্ঞ। 

উল্লেখ্য যে,  প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই দিনটোত ১৮,৫৩০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। তেওঁৰ এই ভ্ৰমণকালত ৪,৫৩০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ শিলান্যাস কৰিব। এই ৰিং ৰোডটো হ’ব ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ।

একেদৰে ১,২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা ২.৯ কিলোমিটাৰ দৈৰ্ঘৰ গুৱাহাটী- কুৰুৱা সংযোগী দলঙৰ শিলান্যাস কৰিব। ইয়াৰ উপৰি দৰঙত জি এন এম বিদ্যালয় আৰু বি এছ চি নাৰ্চিং মহাবিদ্যালয়ৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ বাবে ব্যয় কৰিব ৫৭০ কোটি টকা। একেসময়তে ৪৩০ খন বিচনাযুক্ত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিলান্যাস কৰিব মঙলদৈত। 

সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীক। ভাষণত অসমৰ বাবে কেন্দ্ৰই দিয়া উপহাৰৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

গুৱাহাটী