মা, মোৰ পৃথিৱীঃ বিৰোধীৰ অপমানক লৈ আৱেগিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

মাতৃক লৈ আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিহাৰত বিৰোধীৰ সভাত মাতৃক লৈ কৰা অপমানজনক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে ক’লে- মা মোৰ পৃথিৱী। মা মোৰ বাবে আত্মসন্মান। মাতৃক ল

author-image
Asomiya Pratidin
New Update
852d7ade-edb9-44e4-81d7-db82d045c1d5

ডিজিটেল ডেস্কঃমাতৃক লৈ আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিহাৰত বিৰোধীৰ সভাত মাতৃক লৈ কৰা অপমানজনক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়েক’লে- মা মোৰ পৃথিৱী। মা মোৰ বাবে আত্মসন্মান। মাতৃক লৈ অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত ভাইৰেল ভিডিঅ’টোক তীব্ৰ গৰিহণা দিয়ে মোদীয়ে।

তেওঁ কয় যে এই মন্তব্য কেৱল তেওঁৰ বাবেই নহয় দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী, কন্যাৰ বাবেও অপমান। তেওঁ কয় যে বিহাৰৰ জনসাধাৰণেও তেওঁৰ দৰে এই ঘটনাত আঘাত পাইছে। বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডে আয়োজন কৰা এক অনুষ্ঠানত মোদীয়ে কয়, "এই ঐতিহ্যবাহী বিহাৰত এনেকুৱা কিবা এটা হ'ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো।

মোৰ মাক আৰজেডি-কংগ্ৰেছৰ মঞ্চৰ পৰা অপমান কৰা হৈছে।" তেওঁ লগতে কয় যে এই অপমান কেৱল তেওঁৰ মাতৃৰ বাবেই নহয় দেশৰ সকলো মাতৃ, ভগ্নী, কন্যাৰ বাবে। এনে অপমানে তেওঁৰ লগতে বিহাৰৰ জনতাক আঘাত হানিছে। দেশৰ কোটি কোটি মাতৃক সেৱা আগবঢ়াব পৰাকৈ মাতৃয়ে তেওঁক তেওঁৰ পৰা আঁতৰাই ৰাখিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

 "আপোনালোক সকলোৱে জানে যে মোৰ মা আৰু নাই। কিছুদিনৰ আগতে ১০০ বছৰ সম্পূৰ্ণ হৈ আমাক কোনো সম্পৰ্ক নথকা সেই মাতৃক আৰজেডি-কংগ্ৰেছৰ মঞ্চৰ পৰাই অপমান কৰা হৈছে। ভগ্নী আৰু মাতৃসকল, আপোনালোকৰ মুখবোৰ মই দেখিছোঁ; আপোনালোকে কিমান কষ্ট পাইছে মই কল্পনাহে কৰিব পাৰো। মই কিছুমান মাতৃৰ চকুত চকুলো দেখা পাওঁ। ই অতি দুখজনক আৰু বেদনাদায়ক।" -আবেগিক সুৰেৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

লক্ষণীয়ভাৱে, বিহাৰত বিৰোধীৰ ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়তে এখন মঞ্চৰ পৰা প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ আপত্তিজনক মন্তব্য কৰিছিল অপৰিচিত কোনো নেতাই। ইয়াৰ পিছতে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ নমাইছে ভাৰতীয় জনতা পাৰ্টিয়ে। প্ৰধানমন্ত্ৰীৰ মাতৃক কৰা অপমানৰ বিৰুদ্ধে সাব্যস্ত হৈছে বিক্ষোভ, ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই অপমানক এক 'ৰাজনৈতিক ইছ্যু’লৈ পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা দেখা গৈছে বিজেপিক। মোদীৰ প্ৰয়াত মাতৃক কৰা অপমানক ৰাজনৈতিক সমীকৰণলৈ সলনি কৰাৰ চেষ্টাৰে অহা ৪ ছেপ্টেম্বৰত বিহাৰত বন্ধৰ আহ্বান জনাইছে এনডিএয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱালে কয় যে পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বন্ধ পালন কৰা হ’ব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু ৰে’ল সেৱা বন্ধৰ পৰা ৰেহাই দিয়া হ’ব। এন ডি এৰ মহিলা মৰ্চাই এই বন্ধৰ নেতৃত্ব দিব। বিজেপিয়ে কংগ্ৰেছ আৰু আৰজেডিৰ বিৰুদ্ধে “নিকৃষ্ট মানৰ ৰাজনীতিত” লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে।

জেডিইউ, এনডিএৰ অন্যান্য মিত্ৰ দলসমূহেও এই ঘটনাক তীব্ৰ গৰিহণা দি ৰাহুল গান্ধী আৰু আৰজেডিৰ নেতাসকলক শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনাইছে। বিহাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ কুমাৰে কয়, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ ‘ইমচ’নেল কাৰ্ড’ খেলিছে। এই ঘটনাই বিহাৰৰ ৰাজনীতিত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত পৰিব বুলি ধাৰণা কৰা হৈছে।

নৰেন্দ্ৰ মোডী