১১বছৰত মোডী অসমলৈ কিমানবাৰ আহিল...

২০ডিচেম্বৰ, ২০২৫ৰ পৰা ২১ডিচেম্বৰ, ২০২৫লৈ মোডীৰ এই দুদিনীয়া অসম ভ্ৰমণে মূলতঃ ২০২৬চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম ৰাজনৈতিক আখৰা বুলিব পাৰি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 11.52.58 AM

মৃদুল কুমাৰ সন্দিকৈ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া অসম ভ্ৰমণক লৈ ৰাজ্যজুৰি বিশেষকৈ শাসকীয় দলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ২০ডিচেম্বৰ, ২০২৫ৰ পৰা ২১ডিচেম্বৰ, ২০২৫লৈ মোডীৰ এই দুদিনীয়া অসম ভ্ৰমণে মূলতঃ ২০২৬চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম ৰাজনৈতিক আখৰা বুলিব পাৰি।

গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টাৰ্মিনেল উদ্বোধন কৰি মোডীয়ে ঘোষণা কৰিলে বিকশিত ভাৰতৰ ইঞ্জিনত পৰিণত হৈছে অসম। ভাৰতৰ বিকাশ যাত্ৰাৰ নতুন সূৰ্যোদয় অসমৰ পৰাই হোৱা বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

২০ডিচেম্বৰ, ২০২৫ত মোডীয়ে গোপানাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলৰ লগতে গোপীনাথ বৰদলৈৰ এক প্ৰতিৰ্মূতিও উন্মোচন কৰিলে। তাৰ পাছত, ২৭নং ঘাইপথেৰে ৰোড শ্ব’ কৰি মোডী আহিছিল বাজপেয়ী ভৱনলৈ। 

বাজপেয়ী ভৱনত বিজেপিৰ ২৬৪গৰাকী কাৰ্যকতাৰে মত বিনিময় কৰি মোডীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্যকতাসকলক সাজু হ’বলৈ আহ্বান জনায়। এইদৰে চৰকাৰী কাৰ্যসূচীৰ লগতে দলীয় কাৰ্যসূচীৰ সমান্তৰালভাৱে এই দুদিনীয়া ভ্ৰমণক আগুৱাই লৈ গ’ল।

কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ মোডীয়ে ক’লে অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক কংগ্ৰেছক প্ৰতিহত কৰিব লাগে। ইফালে মোডীয়ে  অতি কৌশেলেৰে অসম চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আচঁনিয়ে তৃণমূল পৰ্যায়ত সাংগাঠনিক ভেটিঁ সুদৃঢ় কৰিবলৈ উদ্যোগ লোৱাৰ বাবে দলৰ কৰ্মকতাসকলক আহ্বান জনায়। 

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসমলৈ মোডী যিমানবাৰ আহিছে, প্ৰতিবাৰেই বিৰোধীক এক ৰাজনৈতিক আক্ৰমণেৰে শলঠেকত পেলোৱা দেখা যায়। তাৰ বিপৰীতে মোডীৰ এই আগমনৰ সময়ত প্ৰায় নিস্তেজ হৈ ৰয় বিৰোধী। ২০১৪ৰ ২৯নৱেম্বৰত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম অসমলৈ প্ৰধানমন্ত্ৰী হিচাপে মোডী আহিছিল। 

সেইবাৰ গুৱাহাটীত মোডীয়ে গুৱাহাটীৰ পাৰ মেণ্ডীপথাৰলৈ চলিব লগা প্ৰথমখন ৰে’লৰ ফ্লেগ অফ কৰিছিল। মুঠ ৪টা কাৰ্যসূচীৰে এই ভ্ৰমণ আছিল মোডীৰ। ভৈৰৱীৰ পৰা মিজোৰাম চৈৰাংলৈ নতুন ৰে’ল পথ উদ্বোধন, আসাম ট্ৰিবিউনৰ ৭৫বছৰীয়া অনুষ্ঠানত অংশগ্ৰহণ আৰু ৰাজভৱনত বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে এই ভ্ৰমণত মোডীয়ে সাক্ষাত কৰিছিল।

৩০নৱেম্বৰত মোডীয়ে গুৱাহাটীতে আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ সন্মিলনত অংশ লৈছিল। সেই সন্মিলন অনুষ্ঠিত হৈছিল অসম প্ৰশাসনিক মহাবিদ্যালয়ত। তাৰ পাছত কাৰ্যকতা অভিনন্দন বৈঠকত অংশ লৈছিল ৩০নৱেম্বৰ, ২০১৪ত। অসমলৈ প্ৰথমটো ভ্ৰমণ মোডীৰ দুদিনীয়া আছিল।

তাৰ এবছৰৰ পাছত দ্বিতীয়টো ভ্ৰমণত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। এই এদিনীয়া ভ্ৰমণত মোডীয়ে আই আই টিৰ শিলান্যাসৰ এক অনুষ্ঠানত অংশ লৈ উভতিছিল। সেই ভ্ৰমণ আছিল ১৯জানুৱাৰী, ২০২৬ত।  তাৰ এমাহ নৌহওঁতেই মোডীয়ে ৫ফেব্ৰুৱাৰী, ২০১৬ত লেপেতকটালৈ আহিছিল ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বি চি পি এলৰ শুভাৰম্ভৰ বাবে।

সেইদিনাই তেওঁ ডিব্ৰুগড়ৰ পৰা নুমলীগড় ৰিফেইনাৰী লিমিটেডৰ  ৱেক্স প্লেন্টৰ কামো শুভাৰম্ভ কৰিছিল। লেপেতকটাৰ পৰা গুৱাহাটীলৈ আহি মোডীয়ে ১২সংখ্যক এচিয়ান গেমছ শুভাৰম্ভ কৰিছিল। উক্ত দিনাই শিৱসাগৰ আৰু মৰাণত আন দুখন সভাতো অংশ লৈছিল।

শিৱসাগৰত মোডীয়ে সেইবাৰ ৮৫সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশ লৈছিল। ২০২৬ৰ ২৪মে’ত মোডী আহিছিল অসমলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ। ২০১৭ৰ ২৬মে’ত তিনিচুকীয়া, ধেমাজি আৰু গুৱাহাটীত বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মোডী আহোতে শদিয়াত নিৰ্মাণ কৰা ঢলা-শদিয়া দলঙৰ উদ্বোধন, গুৱাহাটীত এইমছৰ শিলান্যাস আৰু আই চি এ আৰৰ এগ্ৰিকালচাৰ ৰিছাৰ্জ ইষ্টিটিউশ্যনৰ শিলান্যাস কৰিছিল।

২০১৭ৰ ১আগষ্টত গুৱাহাটীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। ২০১৮ত মোডীয়ে প্ৰথমটো অসম ভ্ৰমণ কৰিছিল ৩ফেব্ৰুৱাৰীত। সেইবাৰ তেওঁ এডভান্সেছ আছামৰ গ্লবেল ইনভেষ্টৰছৰ চামিটত অংশ লৈছিল। 

তাৰ পিছত ২০১৮ৰ ২৫ডিচেম্বৰত বগীবিললৈ আহি বগীবিল দলং উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। তাৰ পিছত সুদীৰ্ঘ সময় অসমলৈ অহা নাছিল মোডী। ২০২০ৰ ৭ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বড়ো চুক্তিৰ এক অনুষ্ঠানত অংশ লৈ সেইদিনাই মোডী উভতি গৈছিল।

তাৰ পৰৱৰ্তী বছৰত ২০২১ত ২৩ জানুৱাৰীত শিৱসাগৰত ভূমি পট্টা বিতৰণ অনুষ্ঠানত, ২০২১ৰ ৭ফেব্ৰুৱাৰীত তেজপুৰত অসম মাঁলাৰ শিলান্যাসৰ অনুষ্ঠানত, ২০২২ৰ ২৮এপ্ৰিলত ডিব্ৰুগড় আৰু ডিফুৰ আন দুটা অনুষ্ঠানত অংশ লৈছিলহি মোডীয়ে। 

২০২৩ৰ ১৪এপ্ৰিলত গুৱাহাটীত ৩টা অনুষ্ঠানত যোগ দিবৰ বাবে মোডী আহিছিল। তাৰে এটা আছিল গুৱাহাটী এইমছৰ উদ্বোধন, বিহু অনুষ্ঠান আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবলীৰ উদযাপন অনুষ্ঠান। ২০২৪ৰ ৪ফেব্ৰুৱাৰীত মোডীয়ে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল।

২০২৪ৰ ৯মাৰ্চত যোৰহাটলৈ আহি মোডীয়ে কাজিৰভা ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু আন কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। ২০২৫ৰ ২৪ফেব্ৰুৱাৰীত গুৱাহাটীত মোডীয়ে মেগা ঝুমুৰই বিনন্দিনী অনুষ্ঠানত অংশ ল’বলৈ আহিছিল। সেইবাৰ দুদিনীয়া আছিল মোডীৰ অসম ভ্ৰমণ।

২০২৫ৰ ২৫ফেব্ৰুৱাৰীত মোডীয়ে এডাভান্সেছ আছাম-২.০ত অংশ লৈছিল। উক্ত বছৰৰ ১৩ছেপ্টেম্বৰত মোডীয়ে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ১০০বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠানত অংশ লৈছিল। ২০২৫ৰ ১৪ ছেপ্টেম্বৰত মোডীয়ে গোলাঘাটত আছাম বায় ইথানেল প্ৰাইভেট লিমিটেডৰ প্লেন্টটো শুভাৰম্ভ কৰাৰ লগতে আন এটা প্ৰকল্পৰ কামো শুভাৰম্ভ কৰিছিল। 

আৰু শেহতীয়াকৈ ২০ডিচেম্বৰ, ২০২৫ৰ পৰা মোডীৰ এই দুদিনীয়া অসম ভ্ৰমণ। প্ৰথম দিনটোৰ কাৰ্যসূচীৰ পিছত ২১ডিচেম্বৰত মোডীয়ে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱৰ স্মৃতি সৌধ পৰিদৰ্শন কৰাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেই জাহাজত উঠি পৰীক্ষা পে চৰ্চা শীৰ্ষক এক অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে অংশ লয়।

তাৰ পাছতেই মোডীয়ে নামৰূপলৈ গৈ এমনিয়া ইউৰিয়া ফাৰ্টিলেইজাৰ প্ৰকল্পৰ ভূমিপূজন আৰু জনসভাত অংশ লৈছিলগৈ। ইয়াৰ পাছতে দিল্লীলৈ উভতি যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তিনিটা কাৰ্যকালত এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোডীৰ এয়াই অসম ভ্ৰমণৰ সবিশেষ সূচী। ইয়াৰ পৰা অসমবাসীয়ে কি পালে সেয়া আন এক বিচাৰ্য বিষয়...

মৃদুল কুমাৰ সন্দিকৈ