/asomiyapratidin/media/media_files/2026/01/09/604-2026-01-09-11-19-02.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলি : ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ লগতে নৱ-প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত লক্ষ্যৰে ভ্ৰাম্যমাণ গ্ৰন্থমেলা আৰম্ভ কৰা হৈছে ৷ বৃহস্পতিবাৰে বিয়লি ২-০০ বজাত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত আয়োজিত উদ্বোধন অনুষ্ঠানৰ জৰিয়তে ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰা হয় ৷
উক্ত অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ উপ-সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে ৷ এই উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় ৷
ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্বোধনী ভাষণত জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই কয়- সুস্থ চিন্তা আৰু সুস্থ বিতৰ্কহে এখন আদৰ্শ সমাজ গঢ়িব পাৰে ৷ এজন মানুহে সুস্থ চিন্তা- সুস্থ বিতৰ্ক কৰিবলৈ হ’লে মানুহজনৰ অধ্যয়নৰ প্ৰয়োজন ৷
গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক পুষ্টি লাভ কৰিব পাৰি ৷ মানসিক পুষ্টি হীনতাই এজন ব্যক্তিক প্ৰকৃত মানুহ হোৱাৰ পৰা বঞ্চিত কৰে ৷ সেই গতিকে আমি গ্ৰন্থ অধ্যয়ন কৰিব লাগে ৷
গ্ৰন্থ সকলোতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি তেওঁ পুনৰ কয়, গ্ৰন্থই মানুহক এন্ধাৰ বিনাশী পোহৰৰ বাট দেখুৱায় ৷ গ্ৰন্থ হ’ল মানুহৰ পৰম বন্ধু ৷ গ্ৰন্থই মানুহৰ নিঃসংগতা দূৰ কৰে ৷ গতিকে যিমান পাৰে গ্ৰন্থ অধ্যয়ন কৰিব লাগে ৷
ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰৱনতা আনি ভৱিষ্যতে একোগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সমাজৰ নেতৃস্থানীয় লোকসকলৰ প্ৰতি তেওঁ আহ্বান জনায় ৷ প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঞিৰ ৰচিত এখন গ্ৰন্থ ক্ৰয় কৰি শৰ্মাই ভ্ৰাম্যমাণ গ্ৰন্থ মেলাৰ উদ্বোধন শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰে ৷
লগতে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰসাৰ-প্ৰচাৰৰ লগতে জাতীয়তাবাদ ৰক্ষাৰ স্বাৰ্থত বাতৰি কাকত অধ্যয়ন কৰিবলৈ তেওঁ আহ্বান জনায় ৷ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েলে আতঁধৰা সভাখনত ঢেকীয়াজুলি সম-জিলা আয়ুক্ত দ্যেতিভা বৰাই মুখ্য অতিথিৰ ভাষণ দি কয়, আমি সকলোৱে গ্ৰন্থ অধ্যয়ন কৰিব লাগে ৷ ভ্ৰাম্যমাণ গ্ৰন্থমেলাই গ্ৰামাঞ্চলৰ পাঠক ৰাইজক উপকৃত কৰে বুলি তেওঁ ভাষণত উল্লেখ কৰে ৷
উক্ত সভাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাজিমা চুলতানা, নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক অজিত চহৰীয়া, ধৰ্মেন্দ্ৰনাৰায়ণ দেৱ, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া খগেন্দ্ৰনাথ শৰ্মা, নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ দাস, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সমল ব্যক্তি দুলাল দাস, কবি-লেখক কৰুণাদত্ত বৰা, খগেন ভূঞা, ভূৱন দাস, গোকুল বছনেত, ডা:উমেশ চন্দ্ৰ দাস, যাদৱ বড়ো, অনন্ত কুমাৰ নাথ, পুলিন বৰা, ইন্দ্ৰপ্ৰসাদ ফয়েল, প্ৰৱীণ শইকীয়া, হৰিচৰণ বসুমতাৰী, নৱীন নেউপানে, নাগৰিক মঞ্চৰ সম্পাদক ৰিপেন ৰাভাৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us