কুকুৰ-মেকুৰীৰ দৰে ৰাখিছে কোৱাৰেণ্টাইন গৃহত থকা লোকসকলকঃ বিধায়ক ৰূপজ্যোতি…

কুকুৰ-মেকুৰীৰ দৰে ৰাখিছে কোৱাৰেণ্টাইন গৃহত থকা লোকসকলকঃ বিধায়ক ৰূপজ্যোতি…

author-image
asomiyapratidin
New Update
কুকুৰ-মেকুৰীৰ দৰে ৰাখিছে কোৱাৰেণ্টাইন গৃহত থকা লোকসকলকঃ বিধায়ক ৰূপজ্যোতি…

ডিজিটেল সংবাদ মৰিয়নিঃ নাগালেণ্ডৰ পৰা খোজেৰে আহি মৰিয়নিত উপস্থিত হোৱা প্ৰায় ৫ শতাধিক শ্ৰমিকক নকছাৰীৰ কেইবাখনো বিদ্যালয়ত ১৪ দিনৰ কোৱাৰেণ্টাইন গৃহত ৰাখিছে প্ৰশাসনে।  আনহাতে কোৱাৰেণ্টাইন গৃহ থকা লোক সকলক খাদ্যকে ধৰি প্ৰয়োজনীয় সা সুবিধা প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নকছাৰী কনিষ্ঠ মহাবিদ্যালয়, নকছাৰী বালিকা বিদ্যালয়ক কোৱাৰেণ্টাইন গৃহ ৰূপে ব্যৱহাৰ কৰি পাঁচ শতাধিক লোকক তিতাবৰ মহকুমা প্ৰশাসনে কোৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তিতাবৰ মহকুমাধিপতি আয়ুস গাৰ্গৰ দায়িত্বজ্ঞানহীণতাৰ বাবে কোৱাৰেণ্টাইনত থকা লোকক সকলে ঠাইৰ অভাৱত কুকুৰ মেকুৰীৰ দৰে মাটীয়ে বালিয়ে শুৱ লগা হোৱা লগতে খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱত ভূগিছে বুলি অভিযোগ কৰে বিধায়ক ৰূপজ্যোতিয়ে।

ইফালে বিধায়ক ৰূপজ্যোতিয়ে কোৱাৰেণ্টাইন গৃহত থকা লোক সকলক বিভিন্ন খাদ্য সামগ্ৰী, শাক পাচলি, মহ খেদোৱা ধুপ আদি বিতৰন কৰিবলৈ গৈছিল যদিও বিধায়ক গৰাকীক আৰক্ষীয়ে শিবিৰত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে।

তিতাবৰ মহকুমাধিপতিৰ নিৰ্দেশৰ বাবে আৰক্ষীয়ে তেঁঁওক শিবিৰত প্ৰবেশত বাধা প্ৰদান কৰা বুলি অভিযোগ কৰে কুৰ্মীয়ে। তিতাবৰ মহকুমাধিপতি গৰাকীৰ দায়িত্ব জ্ঞানহীণতাৰ বিৰুদ্ধে বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা লগতে মহকুমাধিপতি আয়ুস গাৰ্গক শীঘ্ৰে বদলি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।