/asomiyapratidin/media/media_files/2025/11/08/159-2025-11-08-15-30-17.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : "সত্ৰসমূহ অসমৰ জাতীয় জীৱনৰ স্পন্দন। ৰাজ্যৰ সত্ৰসমূহৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰিছে। ব্যতিক্ৰম নহয় ওপৰ ডুমডুমীয়া সত্ৰ। এই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ লৈছে।
সত্ৰলৈ পৰিৱৰ্তন আনিবলৈ সামাজিক আৰু ৰাজনৈতিক সহযোগিতাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্ণাংগ সত্ৰ আয়োগ গঠন কৰি সত্ৰসমূহলৈ আইনগত আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ পৰিকল্পনা লৈছে।" এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsa-2025-11-08-15-30-37.jpeg)
শনিবাৰে দুপৰীয়া বটদ্ৰৱা থানৰ উত্তৰ দিশত অৱস্থিত ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ নৱনিৰ্মিত তোৰন আৰু বাটচ'ৰা মুকলি কৰি তেওঁ লগতে কয় যে "মই ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম। যদিওবা মোৰ সমষ্টিৰ অন্তৰ্গত নহয়, তথাপিও মোৰ চেষ্টা আৰু সহযোগিতা সদায় এই সত্ৰখনিৰ প্ৰতি থাকিব" বুলি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-imag-2025-11-08-15-30-49.jpeg)
নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত ওপৰ ডুমডুমীয়া বংশী বদন আৰু বংশী গোপাল সত্ৰৰ নৱনিৰ্মিত তোৰন আৰু বাটচ'ৰা মুকলি অনুষ্ঠানটি আজি ধৰ্মীয় পৰম্পৰাৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। পুৱা ৬ খোল প্ৰসঙ্গ, আইসকলৰ পানী তোলা কাৰ্যসূচী, আইসকলৰ নাম প্ৰসঙ্গৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী বাসুদেৱ সত্ৰ হাবিবৰঙাবাৰীৰ সত্ৰাধিকাৰ অনুপম মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-imag-2025-11-08-15-31-02.jpeg)
অনুষ্ঠানটিতে পুৱা শিল্পী জুবিন গাৰ্গ, দীপক শৰ্মা, ৰামচৰন ভৰালীকে আদি কৰি সদ্য প্ৰয়াত শিল্পীসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুপৰীয়া ভকতসকলক নাম কীৰ্তন অনুষ্ঠিত হয়। নিশা "কলিৰ পৰাজয়" শীৰ্ষক ভাওনা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us