পুনৰ ৰাইজৰ ৰোষত বৰচলাৰ বিধায়ক গণেশ লিম্বু

শোণিতপুৰ জিলাৰ বান্দৰমাৰী পঞ্চায়তৰ অন্তৰ্গত মাজৰহোলা গাঁৱত এটি পথৰ শুভাৰম্ভক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 8.21.05 AM

ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ বান্দৰমাৰী পঞ্চায়তৰ অন্তৰ্গত মাজৰহোলা গাঁৱত এটি পথৰ শুভাৰম্ভক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ স্থানীয় বিধায়ক গণেশ লিম্বুৱে পথটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ গৈছিল যদিও ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।

WhatsApp Image 2026-02-24 at 8.14.49 AM

ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি পথ নিৰ্মাণৰ নামত প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও বাস্তৱিকভাৱে কাম আগবাঢ়া নাছিল। বহু সময় ধৰি পকী পথ নিৰ্মাণৰ দাবী জনাই আহিছিল স্থানীয় বাসিন্দাসকলে। কিন্তু বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ আছিল ৰাইজ ৷ এই পৰিস্থিতিত বিধায়কে পথটো শুভাৰম্ভ কৰিবলৈ উপস্থিত হোৱাত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় বিধায়কগৰাকী৷ ক্ষুব্ধ ৰাইজে পথ উন্মোচন কৰিবলৈ নিদি প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কক পহুখেদা দিয়ে৷ ইফালে পুনৰ বিধায়কৰ দেহৰক্ষীয়ে ৰাইজক বাধা আৰোপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

তেজপুৰ