/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-23-14-41.jpg)
ডিজিটেল সংবাদ,ডবকাঃ ডবকা সংৰক্ষিত বনাঞ্চলত চলোৱা বৃহৎ উচ্ছেদ অভিযানৰ পাছত আজি অৱশেষত উচ্ছেদিত লোকসকলৰ খবৰ ল’বলৈ উপস্থিত হয় বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমল।
২ আৰু ৩ জানুৱাৰীত ডবকাৰ উদমাৰী অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়ত বিধায়কগৰাকীৰ অনুপস্থিতিক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সকলো সমালোচনাৰ অন্ত পেলাই আজি বিধায়ক আজমলে উচ্ছেদিত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
পৰিদৰ্শন কালত বিধায়ক চিৰাজ উদ্দিন আজমলে উচ্ছেদিত দৰিদ্ৰ পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ঘোষণা কৰে যে এই কনকনীয়া ঠাণ্ডাত কষ্ট পোৱা লোকসকলৰ বাবে এআইইউডিএফৰ তৰফৰ পৰা অস্থায়ীভাৱে কম্বলৰ ব্যৱস্থা কৰা হ’ব।
লগতে তেওঁ আশ্বাস দিয়ে যে যদি চৰকাৰে মাটি যোগান ধৰে, তেন্তে দলৰ তৰফৰ পৰা গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় কৰা হ’ব। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁ অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
উল্লেখ্য যে, যোৱা দুদিনীয়া উচ্ছেদৰ পাছত বৰ্তমান উদমাৰী অঞ্চলৰ কেবা শতাধিক পৰিয়াল গৃহহীন হৈ পৰিছে। কনকনীয়া ঠাণ্ডাৰ মাজতে বহু লোকে আনৰ খেতি পথাৰত ত্ৰিপাল তানি মুকলি আকাশৰ তলত দিন কটাবলগীয়া হৈছে। একাংশ সমাজ সচেতন লোকে খাদ্যৰ যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি দুৰ্ভগীয়া লোকসকলে অভিযোগ কৰিছে।
আনহাতে, এই উচ্ছেদক লৈ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰক মন্তব্য কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যত বিজেপি আৰু কংগ্ৰেছে মিলি এক গোপন বুজাবুজিৰ জৰিয়তে কেৱল মুছলমান সমাজক কষ্ট দিয়াৰ বাবে এনেদৰে একপক্ষীয়ভাৱে উচ্ছেদ চলাইছে।
আজমলৰ এই মন্তব্যই এতিয়া ৰাজ্যিক ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা কৰিছে। চৰকাৰী উচ্ছেদ আৰু ৰাজনৈতিক বোকা চটিওৱাৰ মাজত এতিয়া ডবকাৰ এই গৃহহীন লোকসকলৰ ভৱিষ্যত কি হ’ব, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us