শিৱসাগৰক কোনেও ধুবুৰী কৰিব নোৱাৰে, ৰেজাউল কৰিম সৰকাৰে ৰাইজৰ ওচৰত ক্ষমা বিচৰা উচিত

শিৱসাগৰ, ধুবুৰীৰ ইতিহাস আছে, ঐতিহ্য আৰু সম্বৃদ্ধৰে ভৰপুৰ। শিৱসাগৰক কোনেও ধুবুৰী কৰিব নোৱাৰে আৰু ধুবুৰীকো কোনেও শিৱসাগৰ কৰিব নোৱাৰে। ভুলকৈ তথা শুদ্ধ কৈ হওক ৰেজাউল কৰিম সৰকাৰে কোৱা কথা ভুল আৰু তেওঁৰ বক্তব্য উঠাই লোৱাৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

author-image
Asomiya Pratidin
New Update
623

ডিজিটেল সংবাদ, ধুবুৰী : শিৱসাগৰ, ধুবুৰীৰ ইতিহাস আছে, ঐতিহ্য আৰু সম্বৃদ্ধৰে ভৰপুৰ। শিৱসাগৰক কোনেও ধুবুৰী কৰিব নোৱাৰে আৰু ধুবুৰীকো কোনেও শিৱসাগৰ কৰিব নোৱাৰে। ভুলকৈ তথা শুদ্ধ কৈ হওক ৰেজাউল কৰিম সৰকাৰে কোৱা কথা ভুল আৰু তেওঁৰ বক্তব্য উঠাই লোৱাৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

যি বক্তব্য বিজেপি,আৰ এছ এছক সহায় কৰিব তেনে বক্তব্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । কংগ্ৰেছে যাতে এনেকুৱা কথা কোৱাৰ বাবে মঞ্চত অনুমতি নিদিয়ে - এইদৰে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।

WhatsApp Image 2026-01-12 at 7.23.45 PM

তেওঁ আৰু কয় যে আগতে এ আই ইউ ডি এফ দলৰ প্ৰাক্তন সাংসদ বদৰ উদ্দিন আজমলে অসমত লুংগি টুপিৰ চৰকাৰ গঠন কৰি আদি বিভিন্ন ধৰণৰ বিৰূপ মন্তব্যৰে পৰোক্ষভাৱে বিজেপিক সহায় কৰি অহাৰ দৰে ৰেজাউল কৰিম সৰকাৰে কৰা বক্তব্য সাম্প্ৰদায়িক বিজেপিক সহায় কৰিব। উল্লেখ্য যে আজি গৌৰীপুৰৰ বটেৰতলত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

আবেলি অনুষ্ঠিত হোৱা উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ অখিল গগৈয়ে সাম্প্ৰদায়িক বিজেপি আৰু এ আই ইউ ডি এফ দলক অহা বিধানসভা নিৰ্বাচনত উভালি ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাৰ বাবে ৰাইজক আহ্বান জনায়। বিজেপি চৰকাৰৰ দিনত অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে দিন হাজিৰাৰ কাম বিচাৰি নামনিৰ শ্ৰমিক তথা ৰাইজে উজনি অসম লৈ যাওতে আশংকা কৰিবলগীয়া হৈছে।

WhatsApp Image 2026-01-12 at 7.23.54 PM

নামনি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশী, বিদেশী বুলি চিঞৰি থাকে। কিন্তু উজনি অসমত বিদেশী বুলি চিঞৰাৰ দপদপনি হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে কৰিব দিয়া নাই বুলি উল্লেখ কৰি অহা বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ মিত্ৰজোঁট চৰকাৰ গঠন হলে হিমন্তক লেকাম লগাই ঠাণ্ডা কৰিব বুলি ভাষণত উল্লেখ কৰে।

WhatsApp Image 2026-01-12 at 7.24.18 PM

কাৰণ হিমন্তক ঠাণ্ডা কৰা মানুহ অখিল গগৈৰ বাহিৰে অসমত আন কোনো মানুহ নাই বুলি বিধায়ক গৰাকীয়ে নিজে উল্লেখ কৰি হিমন্তক তেওঁ পানী খোৱাই দিয়ে বাবে ভয় কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটৰ আলোচনা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, জানুৱাৰী মাহতে আসনক লৈও আলোচনা হোৱাৰ কথা উল্লেখ কৰাৰ লগতে গৌৰীপুৰ বিধানসভা সমষ্টি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে বিচাৰি দাবী কৰা বুলি জানিবলৈ দিয়ে। সভাত প্ৰায় সহস্ৰাধিক ৰাইজৰ সমাগম হয়।

akhil gogoi